Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তামাৰহাটত গৰু চোৰৰ উপদ্ৰৱ; ৰাইজে শাৰীৰিক ভাবে সক্ষম এটা গৰু চোৰক আটক কৰি গতালে আৰক্ষীক

  গণ বাৰ্তা, তামাৰহাট ২২ জানুৱাৰী: "চৰকাৰে মাহেকী দিয়া এহেজাৰ টকাৰে সংসাৰ নচলে, কিবা এটা কৰিবই লাগিব" এই মন্তব্য এটা শাৰীৰিক ভাবে ...


 গণ বাৰ্তা, তামাৰহাট ২২ জানুৱাৰী: "চৰকাৰে মাহেকী দিয়া এহেজাৰ টকাৰে সংসাৰ নচলে, কিবা এটা কৰিবই লাগিব" এই মন্তব্য এটা শাৰীৰিক ভাবে সক্ষম গৰু চোৰৰ । উল্লেখ্য যে, শাৰীৰিক ভাবে সক্ষম হোৱাৰ বাবে চৰকাৰী অনুদান হিচাপে প্ৰতিমাহে এহেজাৰ টকাকৈ লাভ কৰিছিল । কিন্তু এহেজাৰ টকাৰে তেওঁৰ সংসাৰ নচলাৰ বাবে কিবা এটা কৰাৰ নামত উপাৰ্জনৰ পথ হিচাপে বাচি লৈছে চুৰি বিদ্যা । কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ অন্তৰ্গত মংলাঝোৰা গাঁৱৰ ৰাইজে শাৰীৰিক ভাবে সক্ষম এটা গৰু চোৰক হাতে-লোটে আটক কৰি লগা থপা সোধাই যোৱা নিশা তামাৰহাট থানাত চমজাই দিয়ে । প্ৰাপ্ত বাতৰি মতে, ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত পাতানেৰকুটি গাঁৱৰ পৰা যোৱা ২০ জানুৱাৰীৰ দিনা নিশা এহাল গৰু চোৰে চুৰি কৰি লৈ যায় । চুৰি হোৱা গৰু দুটাক চোৰেলৈ যোৱাৰ সময়তে সন্দেহ বশত কাজিগাঁও থানাৰ অন্তৰ্গত মংলাঝোৰা নামৰ ঠাইত ৰাইজে আটক কৰি শোধ পোচ কৰাত চোৰটোৱে গৰু দুটা চুৰি কৰা বুলি স্বীকাৰ কৰে । পিছত ৰাইজে পাতানেৰকুটি গাঁৱৰ ৰাইজক খবৰ দিয়াত পাতানেৰকুটি গাঁৱৰ ৰাইজে চোৰটোক লগা থপা সোধাই যোৱা নিশাই তামাৰহাট থানাত চমজাই দিয়ে । উল্লেখ্য যে, বাওঁ হাত নথকা শাৰীৰিক ভাবে সক্ষম চোৰটোক তামাৰহাট আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে । আটকাধীন গৰু চোৰটো কাজিগাঁও থানাৰ অন্তৰ্গত ফাষ্টিবাৰী টুমবাগান গাঁৱৰ লাল চান্দ আলী বুলি আৰক্ষীয়ে জনাইছে । ‌উল্লেখ্য যে গৰু চোৰ লাল চান্দ আলীৰ লগত থকা আনটো গৰু চোৰ নুৰ হোছেনক কাজিগাঁও থানাৰ আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে । মন কৰিবলগীয়া যে গৰু চোৰৰ উপদ্ৰপত সম্প্ৰতি  বৃহত্তৰ তামাৰহাট  অঞ্চলৰ ৰাইজ নিশা উজাগৰে থাকিব লগীয়া হৈছে ।

No comments