Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ভূমি বেদখলঃ চকুমুদাকুলিৰ ভাওত খণ্ড উন্নয়ন বিষয়া

 গণ বাৰ্তা বিশেষ,পল্লাৰপাৰ/গণ বাৰ্তা হাউলী, ৪ জানুৱাৰীঃ ৰাজ্যৰ বিজেপি শাসিত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যৰ বিভিন্ন ...


 গণ বাৰ্তা বিশেষ,পল্লাৰপাৰ/গণ বাৰ্তা হাউলী, ৪ জানুৱাৰীঃ ৰাজ্যৰ বিজেপি শাসিত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যৰ বিভিন্ন ঠাইত অবৈধ ভাৱে বেদখল হোৱা চৰকাৰী ভূমি উচ্ছেদৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাইছে যদিও এতিয়াও বহু ঠাইত বেদখল হৈ আছে। একদৰে বৰপেটা জিলাৰ হাউলী অঞ্চলৰ কেইবা ঠাইত চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে। কিন্তু এই ক্ষেত্ৰত জিলা প্ৰসাশন কিম্বা স্থানীয় কৰ্তৃপক্ষই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সমান্তৰালভাৱে হাউলীস্থিত ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ নামত প্ৰায় ৫০ বিঘা ভূমি আবন্টি হৈ আছে বুলি মৌখিকভাৱে খণ্ড উন্নয়ন বিষয়া ভাস্কৰ চক্ৰৱৰ্তীয়ে সংবাদিকক জানিবলৈ দিছে। কিন্ত পৰিতাপৰ বিষয় যে সেই ভূমিত চকু পৰিছে একাংশ দুষ্ট চক্ৰৰ। খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌপাশৰ সেই আবন্টিত ভূমি ইতিমধ্যে একাংশ দুষ্ট চক্ৰই বেদখল কৰি অবৈধভাৱে ব্যৱসায়ীক প্ৰতিষ্ঠান, ধানৰ মিল আদি গঢ়ি তুলাৰ লগতে স্থায়ীভাৱে পৰিয়ালৰ সৈতে বসবাস কৰি আছে। কিন্তু এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰিছে খণ্ড উন্নয়ন বিষয়া ভাস্কৰ চক্ৰৱৰ্তীয়ে। ইয়াক লৈ স্থানীয় দল সংগঠন তথা সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত সচেতন ৰাইজে দৈনিক গণ অধিকাৰৰ প্ৰতিবেদকক জানিবলৈ দিয়া অনুসৰি খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে এই বিষয়টোত কিয় মৌন ভূমিকা গ্ৰহন কৰিছে তাক লৈ বিভিন্নজনৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। জানিব পৰা মতে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে ২০১৯ বৰ্ষৰ ১০ ডিচেম্বৰত বিডিবি/ব্লক এইচ্ কিউ/২১/২০১৬-১৭/১১১৩ নম্বৰৰ এখন পত্ৰৰ জৰিয়তে বৰপেটা গড়কাপ্তানি পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তালৈ কেৱল কাৰ্যালয়ৰ পূৱ দিশৰ পথৰ লগত সংলগ্ন হৈ থকা সীমা সুৰক্ষিত কৰাৰ বাবে এক পত্ৰ প্ৰেৰণ কৰিছিল। উক্ত পত্ৰখনৰ প্ৰতিলিপি বৰপেটা ৰাজহ চক্ৰ বিষয়া, ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সহকাৰী অভিযন্তালৈ প্ৰেৰণ কৰিছিল। কিন্তু এই পত্ৰ প্ৰেৰণ কৰাৰ আজি প্ৰায় এবছৰ উকলি যোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষয়। ইফালে কিছুদিন পূৰ্বে কাৰ্যালয়টোৰ গুদামত এক  চুৰি কাৰ্য হোৱা ঘটনাকলৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰ্যালয়ত সংঘটিত হোৱা চুৰি কাৰ্য সন্দৰ্ভত আজি সাংবাদিকে খণ্ড উন্নয়ন বিষয়া গৰাকীক কি কি সামগ্ৰী চুৰি হৈছে সেই সন্দৰ্ভত জানিব বিচৰাত বিষয়া গৰাকীয়ে তাৰ সৱিশেষ তথ্য দিয়াৰ পৰা বিৰত থাকে। বিষয়া গৰাকীয়ে কাৰ্যালয়টোৰ গুদামৰ পৰা কেৱল দমকল, জিচিআই শ্বিট, ত্ৰিপাল,কম্বল চুৰি হোৱা বুলি সাধাৰণভাৱে জানিবলৈ দিয়ে। কিন্তু কাৰ্যালয়ৰ গুদামৰ পৰা কিমান পৰিমানৰ সামগ্ৰী চুৰি হৈছে তাৰ সঠিক তথ্য নাই বিষয়া গৰাকীৰ হাতত। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে হাউলী আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ যোৱা ২৮ ডিচেম্বৰত বিডিবি/০৩/এমআইএছচি/২০২০-২১/২২৯৩ নম্বৰৰ এখন পত্ৰৰ যোগেদি অৱগত কৰে। উক্ত পত্ৰ ভিত্তিত হাউলী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮০ ধাৰাত হাউলী থানাত ৫৩০/২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই ঘটনা সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে এক পত্ৰৰ জৰিয়তে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰাৰ লগতে উক্ত পত্ৰখনৰ প্ৰতিলিপি জিলা উপায়ুক্ত, বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা গ্ৰামীন উন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকক প্ৰেৰণ কৰিছে। এতিয়া এই সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা প্ৰসাশনে কি ব্যৱস্থ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষনীয় হ'ব।

No comments