Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দৰঙৰ এইচ বি এম একাডেমীত বিদায়ী সভা সমাপ্ত

  গণ বাৰ্তা , নেপালী বজাৰ , ১৬ জানুৱাৰী:  দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত নেপালী বজাৰৰ নিকটৱৰ্তী বাহাবাৰী গাঁৱত স্থাপিত হাজী বাহাজুদ্...


 গণ বাৰ্তা , নেপালী বজাৰ , ১৬ জানুৱাৰী: দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত নেপালী বজাৰৰ নিকটৱৰ্তী বাহাবাৰী গাঁৱত স্থাপিত হাজী বাহাজুদ্দিন মেমৰিয়েল একাডেমী ( এইচ বি এম একাডেমী ) ত  ১৪ জানুৱাৰী তাৰিখে  দিনজোৰা কাৰ্যসূচীৰে দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বিদায়ী সভা অনুষ্ঠিত কৰা হয় । খাৰুপেটীয়া মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ অধ্যাপক জাকিৰ হুছেইন , অসমীয়া খবৰ কাকতৰ খাৰুপেটীয়াৰ জেষ্ঠ সাংবাদিক মেছেৰ আলী , কুৱৰী পুখুৰী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক , বাহাবাৰী  আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য ৰজৱ আলীৰ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে উপস্থিত থাকে । আমন্ত্ৰিত অতিথি হিচাপে খাৰুপেটীয়া মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ অধ্যাপক জাকিৰ হুছেইন উপস্থিত থাকি ভাষণ প্ৰসংগত কয় , শিক্ষা হ'ল জাতিৰ মেৰুদণ্ড স্বৰূপ । শিক্ষা অবিহনে কোনো জাতি জনগোষ্ঠীৰ উন্নয়ন হব নোৱাৰে । নিজৰ লগতে সমাজ তথা দেশৰ পৰিৱৰ্তন কৰিবলৈ শিক্ষাৰ প্ৰয়োজন । সভাত একাডেমী খনৰ বিষয় শিক্ষক ছোলেমান আলীয়ে ছাত্ৰ ছাত্ৰী সকলৰ উদ্দেশ্যি কয় যে , বন্ধু তথা সম্পৰ্কীয় লোকক  বিদায় দিয়া সহজ কিন্তু শিক্ষক এজনে ছাত্ৰ ছাত্ৰীক বিদায় দিয়া সহজ কথা নহয় , ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ পৰা বিদায় দিয়াটো বহুত কঠিন কাম বুলি কৈ চকুলো টুকি ছাত্ৰ ছাত্ৰী সকলক আশীৰ্বাদৰ লগতে শৈক্ষিক দিশত গঠনমূলক পৰামৰ্শ প্ৰদান কৰে । একাডেমী খনৰ অধ্যক্ষ মইনুদ্দিন আহমেদৰ সভাপতিত্ব অনুষ্ঠিত হোৱা  সভা খনত প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে অৰ্ধ শতাধিক অভিভাৱক অভিভাৱিকা সকলে উপস্থিত থাকে ।

No comments