Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মঙলদৈ মহাবিদ্যালয়ত এন চি চিৰ ন -পুৰণি সতীৰ্থ সমাৰোহৰ সামৰণি

  ষ্টাফ ৰিপৰ্টাৰ , মঙলদৈ, ১৭ জানুৱাৰীঃ মঙলদৈ মহাবিদ্যালয়ত ১৯৬২ চনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (এন চি চি)ৰ ন পুৰণি সতীৰ্থ সম...

 


ষ্টাফ ৰিপৰ্টাৰ , মঙলদৈ, ১৭ জানুৱাৰীঃ মঙলদৈ মহাবিদ্যালয়ত ১৯৬২ চনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (এন চি চি)ৰ ন পুৰণি সতীৰ্থ সমাৰোহখন মহাবিদ্যালয়ৰ চৌহদত শনিবাৰে  জাকজমকতাৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে পুৱা ৮ বজাত সভাপতি লক্ষীনন্দন কলিতা আৰু সম্পাদক ৰাজকমল ডেকাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত মৃদুল ডেকা আৰু জুৰি বৰুৱাৰ নেতৃত্বত সমূহীয়া চাফাই, পল্লৱপ্ৰাণ শ্যাণ্ডিল্য, প্ৰণব কুমাৰ নাথ, নাজিয়া জ্যোস্না আৰু নয়নমণি শৰ্মাই বৃক্ষৰোপন কৰে। এই অনুষ্ঠান পৰিচালনা কৰে দিব্যজ্যোতি ডেকা আৰু ৰাবিয়া বেগমে। দিনৰ ১১ বজাত কুশল ডেকা আৰু পূৰ্ণিমা ভূঞাৰ পৰিচালনাত হোৱা ন পুৰণি সতীৰ্থৰ অন্তৰঙ্গ আলাপ অনুষ্ঠানত অতীত স্মৃতি ৰোমন্থন কৰি সকলোৱে নষ্টালজিক হৈ পৰে। বৰ্তমান অসম সচিবালয়ৰ বিষয়া দৰ্শনা গোস্বামীয়ে পোনপ্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ চৌহদত এই সমাৰোহ আয়োজন কৰাত আগভাগ লোৱা বিশেষকৈ কন্দৰ্প নাথক অশেষ ধন্যবাদ জনাই কয়, 'এন চি চি কৰিলেই চাকৰি পাই বুলি ধাৰণা লৈ এন চি চিত জড়িত হোৱা উচিত নহয়। এন চি চিৰ জৰিয়তে জৰিয়তে শিকিব পাৰি জীৱনৰ দায়িত্ববোধ, কৰ্তব্য নিষ্ঠা, সময়ানুবৰ্তিতা। জীৱনটো সুশৃংখলিত ভাবে আগবঢ়াই লৈ যোৱাত ক্ষেত্ৰত এন চি চিয়ে আমাক বহুত দিছে বুলি তেওঁ কয়। বৰ্তমান আৰক্ষী বিভাগত কৰ্মৰত মনিষা দাসে কয়, এন চি চিয়ে সাহসী হবলৈ, ৰাইজৰ আগত থিয় হৈ কথা কবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ উদগনি দিছে। প্ৰাক্তন চিনিয়ৰ আণ্ডাৰ অফিচাৰ তথা সাংবাদিক গণেশ দত্তই ন পুৰণি সতীৰ্থ সমাৰোহ প্ৰতিবছৰে অনুষ্ঠিত কৰা হব বুলি ঘোষণা কৰি এন চি চিৰ লগতে অধ্যয়নো সমান্তৰালকৈ আগবঢ়াই লৈ যাবলৈ আহ্বান জনায়। চাৰি শতাধিক ন পুৰণি সতীৰ্থ উপস্থিত থকা এই অনুষ্ঠানত পল্লৱপ্ৰাণ শ্যাণ্ডিল্য, নয়নমণি শৰ্মা, ব্ৰজেন তালুকদাৰ, লিতিমণি দাস, কন্দৰ্প নাথ, ৰাজকমল ডেকা, পুৰবী ডেকা, হিৰেণ চন্দ্ৰ ডেকা, উমি ডেকা, নয়নজ্যোতি মেধি, লক্ষীনন্দন কলিতা, ৰবীন দাস, সুবল চন্দ্ৰ দে, ৰাজশ্ৰী বৰা, কবিতা বৰুৱা, সৌৰভজ্যোতি বৰুৱা, হিমাংশু কাশ্যপ, নজৰুল হক, প্ৰাঞ্জল মহন্ত, তপন কুমাৰ মহন্ত, জগত চন্দ্ৰ নাথ ভাৰত, জ্যেষ্ঠ কেডেট তথা সাংবাদিক আব্দুল খালেক, দ্বীপেন ডেকাকে ধৰি কেইবাজনেও স্মৃতি ৰোমন্থন কৰে। ইয়াৰ পিছতে সম্বৰ্ধনা অনুষ্ঠানত মেজৰ ক্ৰমে - হৰিমন ডেকা, ডঃ লীনা শইকীয়া, ডঃ নিহাৰ ৰঞ্জন মিশ্ৰ, ভূপেন শালৈক উদ্যোক্তাসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ খগেন্দ্ৰ কুমাৰ নাথ, অধ্যাপক ডিম্বেশ্বৰ বৰুৱা, মঙলদৈ প্ৰেছ ক্লাৱৰ সভাপতি মদন চন্দ্ৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক মুকুটৰাজ শৰ্মা উপস্থিত থাকে। অনুষ্ঠানত মেজৰ ডঃ লীনা শইকীয়া সম্পাদিত 'এ জাৰ্নি অব ১৮ ইয়াৰ্চ' স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে অধ্যক্ষ ডঃ খগেন্দ্ৰ কুমাৰ নাথে। বিয়লি ৪ বজাত জয়িতা শাণ্ডিল্য, কন্দৰ্প নাথ আৰু টুইংকল কাশ্যপৰ পৰিচালনাত হোৱা সাংস্কৃতিক অনুষ্ঠান এটি সমবেত সংগীতেৰে আৰম্ভ হয়। অনুষ্ঠানত বিহু নৃত্য, সত্ৰীয়া নৃত্যকে ধৰি শিল্পী সাগৰিকা খাটনীয়া, শোণিত শংকৰ, বসন্ত কুমাৰ শৰ্মা আদিয়ে গীত নৃত্য পৰিৱেশন কৰি পৰিবেশ মুখৰিত কৰি তোলে ।

No comments