Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাৰ আনন্দ বজাৰত সংবাদমেলত সমবায়ৰ দুৰ্নীতিৰ ভয়াবহ তথ্য ফাদিল

  গণ বাৰ্তা, শালবাৰী, ১৭ জানুৱাৰীঃ  বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বহুকেইখন গাঁৱক সামৰি আনন্দ বজাৰত ১৯৭৩/৭৪ চনতেই স্থাপিত দক্ষিণ বিজন...


 গণ বাৰ্তা, শালবাৰী, ১৭ জানুৱাৰীঃ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বহুকেইখন গাঁৱক সামৰি আনন্দ বজাৰত ১৯৭৩/৭৪ চনতেই স্থাপিত দক্ষিণ বিজনী সমবায় সমিতিৰ সভাপতি,সহকাৰী সম্পাদকক লৈ সময়ে সময়ে বিভিন্ন দুৰ্নীতি,অনিয়ম,বিত্তীয় খেলিমেলি সংঘটিত হৈ অহাৰ যি অভিযোগ উত্থাপন হৈ আহিছিল সেই কথা ৰাজহুৱাভাবে সভাৰ জৰিয়তে প্ৰস্তাৱ লোৱাৰ বাবে সমিতিখনৰ বৰ্তমানৰ সম্পাদকসহ এগৰাকী কৰ্মচাৰীক সমবায়খনৰ সভাপতিৰ নেতৃত্বত অনুষ্ঠিত হোৱা এখন কাৰ্যকৰী সভাৰ জৰিয়তে কোনো তথ্য প্ৰমাণ নোহোৱাকৈ মিছা অভিযোগৰ ভিত্তিত পদৰ পৰা অব্যাহতি দিয়া কাৰ্যৰ পিছতে সমবায়খনৰ ভিতৰচৰাত চলি থকা দুৰ্নীতি অনিয়মৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ দক্ষিণ বিজনী সমবায় সমিতিৰ সম্পাদক প্ৰফুল্ল দাস,ক্ষুদ্ৰ সঞ্চয় ঋণ দান আঁচনিৰ পৰিচালক মৃগেন তালুকদাৰ,সমবায়খনৰ হিচাপ পৰীক্ষকৰ দ্বায়িত্বত থকা প্ৰাণজিৎ উজীৰ আৰু নিকুঞ্জ কলিতাই আনন্দ বজাৰত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি সমবায়খনৰ সভাপতি হৰগোবিন্দ দাস,সহকাৰী সম্পাদক উৎপল দাস,বাক্সা জিলা ডিআৰচিএছ জয়ন্ত খেৰকটাৰী আদিৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত সংঘটিত কৰি অহা দুৰ্নীতিৰ কথা তথ্য প্ৰমাণসহ দাঙি ধৰে৷ সংবাদমেলখনত দক্ষিণ বিজনী সমবায় সমিতিৰ সম্পাদক প্ৰফুল্ল দাসে অভিযোগ উত্থাপন কৰি কয়-“১৯৭৯ চনৰ পৰাই মই দক্ষিণ বিজনী সমবায় সমিতিৰ লগত জড়িত৷২০১৪ চনৰ ডিচেম্বৰত পূৰ্বৰ সম্পাদক গৰাকীৰ দেহাৱসান ঘটাৰ পিছত সম্পাদকৰ দ্বায়িত্ব মই লাভ কৰোঁ৷সম্পাদকৰ দ্বায়িত্ব লাভ কৰাৰ কেইটামান মাহ পিছত তদানীন্তন কাৰ্যকৰী সমিতিয়ে সমবায়ৰ কৰ্মচাৰী উৎপল দাসক সমবায়ৰ চাউলৰ হিচাপ নিকাচ,বেংক লেনদেনকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কামৰ দ্বায়িত্ব অৰ্পণ কৰে আৰু তাৰ ভাউচাৰ পাতি সম্পাদক হিচাপে মোৰ তাত দাখিল কৰে৷কিন্তু লাহে লাহে ভাউচাৰ পাতিসমুহ চালিজাৰি চাই দেখা গ’ল যে উৎপল দাসে বিভিন্ন ক্ষেত্ৰত সাংঘাতিকভাবে অনিয়ম দুৰ্নীতি কৰি আহিছে৷একেদৰে ক’ৰনা মহামাৰীৰ সময়ত ৰৈ থকা সমবায়ৰ অন্তৰ্গত দৰিদ্ৰ ৰাইজৰ বাবে যি চাউল আহিছিল তাৰো কিছু অংশ সমিতিৰ সভাপতি,সহকাৰী সম্পাদকে মিলি আত্মসাত কৰিব খুজিছিল কিন্তু সম্পাদক হিচাপে মই বাধা প্ৰদান কৰাত মোৰ ওপৰত তেতিয়াৰ পৰাই খৰ্গহস্ত হৈ মোক কুট কৌশল কৰি সমবায়ৰ পৰা আঁতৰাই পঠাব বিচাৰি সমবায়ৰ সভাপতি হৰগোবিন্দ দাসে পিয়ন বুক ব্যৱহাৰ নকৰি নিজৰ খেয়ালখুচিমতে নিৰ্দিষ্ট কিছু সংখ্যক সমবায়ৰ সদস্যক ফোন যোগে মাতি যোৱা ১০ জানুৱাৰীত এখন সভাৰ আয়োজন কৰে আৰু তাতেই কোনো ধৰণৰ তথ্য প্ৰমাণ নথকাকৈ সম্পাদক পদৰপৰা মোক অব্যাহতি আৰু উৎপল দাসক পৰৱৰ্তী সম্পাদক হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ লিপিবদ্ধ কৰে৷”এগৰাকী দুৰ্নীতি পৰায়ণ লোকক পৰৱৰ্তী সম্পাদকৰ দৰে পদত অধিষ্ঠিত নকৰিবলৈ প্ৰফুল্ল দাসে সংবাদমেলৰ জৰিয়তে দাবী জনোৱাৰ লগতে এইক্ষেত্ৰত নিয়ম অনুসৰি বিজ্ঞাপন আকাৰে সমবায়ৰ সম্পাদক নিযুক্তি দিবলৈও আহ্বান জনায়৷সমবায়ত সংঘটিত হৈ থকা সকলো ধৰণৰ দুৰ্নীতি অনিয়মৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিটিআৰৰ নৱ নিৰ্বাচিত চীফ প্ৰমোদ বড়োক সংবাদমেলখনৰ জৰিয়তে আবেদন জনায় সমবায়ৰ সম্পাদক প্ৰফুল্ল দাসে৷ একেদৰে সংবাদমেলখনত উপস্থিত থাকি দক্ষিণ বিজনী সমবায় সমিতিৰ ক্ষুদ্ৰ সঞ্চয় ঋণদান আঁচনিৰ পৰিচালকৰ দ্বায়িত্বত থকা মৃগেন তালুকদাৰে কয়-“২০১৩ চনৰ ডিচেম্বৰত দক্ষিণ বিজনী সমবায় সমিতিৰ ক্ষুদ্ৰ সঞ্চয় ঋণদান আঁচনিৰ পৰিচালকৰ দ্বায়িত্ব গ্ৰহণ কৰোঁ আৰু ২০২০লৈ সুদীৰ্ঘ আঠ বছৰ কাল আঁচনিখন চলাই নিয়াৰ পিছত আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি এক পত্ৰ যোগে মোক অব্যাহতি দিয়া হয়৷ সমবায় সমিতিৰ সভাপতিক আত্মপক্ষ সমৰ্থন নকৰাকৈ তথা আগতীয়া কোনো জাননী অবিহনে আকস্মিকভাবে মোক অব্যাহতি দিয়া কাৰ্যৰ সুদুত্তৰ বিচাৰি এক লিখিত আবেদন জনাও যদিও তাৰ বিষয়ে বিশেষ কোনো ধৰণৰ উত্তৰ সভাপতিৰ পৰা লাভ কৰিবলৈ  সক্ষম নহ’লোঁ৷বাক্সা জিলা ডিআৰচিএছ জয়ন্ত খেৰকটাৰী স্বাক্ষৰিত চিঠিমৰ্মে ২০১৯-২০ বৰ্ষত ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ হিচাপ নিকাচ দাখিল কৰা হৈছিল, য’ত আঠ বছৰত আঁচনিখনে এঘাৰ লাখ টকা লাভ কৰিবলৈ সক্ষম হয়৷কিন্তু তাৰ পিছতো আঁচনিখনৰ পৰিচালনাৰ দ্বায়িত্বত থকা সময়তে মোক আকস্মিক অব্যাহতি দিয়া কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰোঁ৷”  মৃগেন তালুকদাৰে সংবাদমেলখনত কয়-“দক্ষিণ বিজনী সমবায় সমিতিৰ সম্পাদকৰ পদ লাভ কৰিবলৈ মোক তিনিলাখ টকা বিচাৰিছিল৷কিন্তু ৰাইজৰ স্বাৰ্থ জড়িত হৈ থকা অনুষ্ঠান এখনৰ সম্পাদকৰ পদৰ বাবে মই সেই টকাখিনি দিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিলোঁ৷ একেদৰে সমবায়ৰ সহকাৰী সম্পাদকৰ দ্বায়িত্বত থকা উৎপল দাসক সম্পাদকৰ পদলৈ উন্নীত কৰাৰ স্বাৰ্থত উৎপল দাসৰ পিতৃ অৰ্জুন দাসে সভাপতি হৰগোবিন্দ দাসক দুই লাখ টকাৰ উৎকোচ দিব বিচৰাটোও তথ্য প্ৰমাণিত হৈছে৷বিগত আঠটা বছৰৰ কাৰ্যকালত মোৰ পৰা সভাপতি হৰগোবিন্দ দাসে মাহে প্ৰতি চাৰি হাজাৰকৈ টকা লৈ দুই লাখ বাৰ হাজাৰ টকা আত্মসাত কৰি আজিলৈ ওভতাই নিদিলে আৰু এই কথা সমবায়ৰ ৰাজহুৱা সভাতো উত্থাপিত হৈছিল যাৰ বাবেই মোৰ ওপৰত খৰ্গহস্ত হৈ সভাপতি গৰাকীয়ে বাক্সা জিলা ডিআৰচিএছৰ সহযোগত দ্বায়িত্বৰ পৰা মোক অব্যাহতি দিয়ে৷ বিগত কাৰ্যকালত সমবায়ৰ সহকাৰী সম্পাদক উৎপল দাসৰ ক্ষেত্ৰত বিভিন্ন বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো সেই অভিযোগ সমুহৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি ইতিমধ্যে উৎপল দাসকেই সম্পাদকৰ পদত অধিষ্ঠিত কৰিব বিচৰা কাৰ্য ৰাইজৰ স্বাৰ্থ বিৰোধী বুলিও সমালোচনা হৈছে৷ প্ৰতি মাহত উৎপল দাসৰ ক্ষেত্ৰত ৪০/৪৫ হাজাৰকৈ টকাৰ খেলিমেলি হৈ আহিছে তৎস্বত্বেও এই সংক্ৰান্তত নিমাত সঞ্চালকমণ্ডলী৷ প্ৰথমাৱস্থাত দক্ষিণ বিজনী সমবায় সমিতিত সমিতিৰ পাঁচ গৰাকীকৈ সদস্যক হাতৰ মুঠিত ৰাখি বিত্তীয় লেনদেনৰ জৰিয়তে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্ত হৈছিল উৎপল দাস৷সেইগৰাকী উৎপল দাস পৰৱৰ্তী সময়ত সহকাৰী সম্পাদক পদলৈ উন্নীত হৈছিল৷ কিন্তু বাক্সা জিলাৰ অন্তৰ্গত কোনো এখন সমবায়তে সহকাৰী সম্পাদকৰ পদ আজিলৈ সৃষ্টি হোৱাৰ নজিৰ নাই৷ উৎপল দাসে টকাৰ জোৰত সমবায়ৰ সঞ্চালক মণ্ডলীৰ একাংশক মেনেজ কৰি সম্পাদক পদত অধিষ্ঠিত হ’ব ওলাইছে৷ৰাইজৰ দাবী সমবায়ৰ সম্পাদক পদ বিজ্ঞাপনৰ মাধ্যমেৰে হোৱা উচিত,কোনো ব্যক্তি স্বাৰ্থৰ জৰিয়তে নহয়৷”  ইতিমধ্যে মৃগেন তালুকদাৰে সমবায়ত হৈ থকা দুৰ্নীতিৰ তদন্ত বিচাৰি শালবাৰী মহকুমা আৰক্ষী বিষয়াৰ ওচৰত এক লিখিত অভিযোগ দাখিল কৰিছে৷ সংবাদমেলখনত অংশগ্ৰহণ কৰি সমবায়ৰ হিচাপ পৰীক্ষক প্ৰাণজিৎ উজীৰে কয়-“২০২০ৰ ২৭ চেপ্তেম্বৰত দক্ষিণ বিজনী সমবায় সমিতিৰ যিখন বাৰ্ষিক সভা অনুষ্ঠিত হৈ গৈছিল তাত পূৰ্বৰ হিচাপ পৰীক্ষকে হিচাপৰ শুদ্ধ খতিয়ান এটা দাঙি ধৰিব নোৱাৰাৰ বাবে সেই সভাতেই প্ৰাণজিৎ উজীৰ আৰু নিকুঞ্জ কলিতাক পুনৰ হিচাপ পৰীক্ষকৰ দ্বায়িত্ব অৰ্পণ কৰি এমাহৰ ভিতৰত হিচাপ দাখিল কৰিবলৈ কোৱা হৈছিল৷কিন্তু অতিমাৰী কৰ’নাৰ বাবে সেই সময়চোৱাত হিচাপ পৰীক্ষণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হোৱাৰ মাজতে বাক্সা জিলা ডিআৰচিএছ য়ে দক্ষিণ বিজনী সমবায়ত উপস্থিত হৈ সম্পাদকৰ হাতৰ পৰা সকলো নথিপত্ৰ বাজেয়াপ্ত কৰি লৈ যায় আৰু ২০২১ৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত নথিপত্ৰ সমুহ বিষয়া গৰাকীয়ে পুনৰাই ওভতাই দিয়ে৷সেই নথিপত্ৰ সমুহৰ ওপৰত ভিত্তি কৰি সমবায়খনৰ বিভিন্ন দিশত আভ্যন্তৰীণ খেলিমেলি, অনিয়ম দুৰ্নীতি সংঘটিত হোৱাৰ কথা অৱগত হও৷হিচাপ পৰীক্ষকৰ হাতত পৰা ৰিচিভ,ভাউচাৰ আদিত প্ৰয়োজনীয় কোনো তথ্য নাই,যি আছে সেয়াও ভুৱা৷বিভিন্ন ক্ষেত্ৰত পোৱা ভাউচাৰ সমুহৰ অধিকাংশত সমবায়খনৰ সহকাৰী সম্পাদক উৎপল দাসৰ নিজৰ হস্তাক্ষৰ আছে কিন্তু তাত প্ৰয়োজনীয় তথ্য প্ৰমাণ নাই৷ইতিপূৰ্বেই উৎপল দাসে সমবায়ৰ সম্পাদক প্ৰফুল্ল দাসৰ জৰিয়তে চেপ্তেম্বৰ মাহত হৈ যোৱা বাৰ্ষিক সভাত গামোচাৰ শিতানত চৈধ্য হাজাৰ চাৰিশ,খোৱাৰ শিতানত ওঠৰ হাজাৰ,অন্যান্য শিতানত তেৰ হাজাৰকে ধৰি মুঠ আঠাৱন হাজাৰ নশ পঞ্চাশ টকা খৰচ হোৱা দেখুৱাই টকাখিনি আদায় কৰি লয়৷সমবায়ৰ সভাপতি হৰগোবিন্দ দাসে বিয়াল্লিছ হাজাৰ আৰু উৎপল দাসে ষোল্ল হাজাৰ নশ পঞ্চাশ টকা খৰচ কৰা দেখুওৱা হৈছিল যদিও সেইয়া তথ্য প্ৰমাণৰ ভিত্তিত নহয়৷ একেদৰে সমবায়ৰ কামত কোকৰাঝাৰলৈ বহুকেইবাৰ অহা যোৱা কৰা দেখুওৱা হৈছে যদিও সেই সমুহ ভাউচাৰত কেবল টকাৰ পৰিমাণহে লিখা আছিল,বিশেষ তথ্য একোৱেই নাছিল৷একেদৰে সমবায়ৰ নামত আৱণ্টিত চাউল উঠোৱাৰ ক্ষেত্ৰতো বিভিন্ন দুৰ্নীতি হোৱাৰ তথ্য ফাদিল হয়৷উৎপল দাসে প্ৰতিটো কিস্তিত ভাউচাৰ যোগে বিৰান্নবৈ হাজাৰকৈ টকা দেখুৱাইছে যদিও টকাৰ পৰিমাণ প্ৰকৃততে ছয়ষষ্ঠি হাজাৰ টকাহে হ’ব লাগে৷বৰ্তমান সময়ত সাতসত্তৰ হাজাৰ টকাত চাউল উঠোৱা হৈ আছে৷ইয়াৰ হিচাপ অৱশ্যে অহা বাৰ্ষিক সভাতহে দাখিল হ’ব৷ আন এক অভিযোগমতে উৎপল দাসে সমবায়ৰ কোঠালী নিৰ্মাণৰ নামত এক লাখ টকা আদায় লৈ আজি পৰ্যন্ত কোঠালী নিৰ্মাণ নকৰিলে৷” হিচাপ পৰীক্ষক প্ৰাণজিৎ উজীৰে সমবায়ত নতুনকৈ নিযুক্তি লাভ কৰিব খোজা সম্পাদক পদৰ বাবে ৰাইজৰ নিৰ্বাচন বা বিজ্ঞাপন আকাৰেহে হ’ব লাগে বুলি কোৱাৰ লগতে হিচাপ পৰীক্ষণ কৰাৰ ক্ষেত্ৰত সদ্য অব্যাহতি দিয়া সম্পাদক প্ৰফুল্ল দাস,মৃগেন তালুকদাৰ আদিৰ অবিহনে হিচাপ দাখিল সঠিককৈ কৰিব পৰা নাযাব বুলিও জানিবলৈ দি হিচাপ পৰীক্ষা সম্পূৰ্ণ নোহোৱালৈকে প্ৰফুল্ল দাস আৰু মৃগেন তালুকদাৰক অব্যাহতি নিদিবলৈ সঞ্চালক মণ্ডলীক আবেদন জনায়৷একেদৰে বাক্সা জিলা ডিআৰচিএছ জয়ন্ত খেৰকটাৰীয়েও সমবায়ৰ পৰা এক বুজন পৰিমাণৰ ধন আদায় লোৱা বুলি অভিযোগ উত্থাপন সংবাদমেলখনত৷  চাৰি হাজাৰ আঠজন অংশীদাৰেৰে গঠিত বৃহত্তৰ আনন্দ বজাৰ দক্ষিণ বিজনী সমবায় সমিতিত পূৰ্বৰেপৰা সংঘটিত দুৰ্নীতি অনিয়মৰ ক্ষেত্ৰত তদন্ত আকাৰে বিটিআৰ চীফ প্ৰমোদ বড়োক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদমেলখনৰ জৰিয়তে দাবী জনোৱাৰ লগতে অনুষ্ঠানটিক ৰাইজৰ মাজলৈ আগুৱাই নিবলৈ টানি অনুৰোধ জনোৱা হয়৷

No comments