Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰহাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ বিশ্ব অভিলেখ; চক্ৰাসনত ২ মিনিটত ১০০মিটাৰ

  কুঞ্জ কাকতি , ৰহা, ৭ জানুৱাৰী:  ৰহাৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।যোগাসনত পাকৈত এই গৰকী ছাত্ৰীয়ে চক্ৰাসন ...


 কুঞ্জ কাকতি , ৰহা, ৭ জানুৱাৰী: ৰহাৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।যোগাসনত পাকৈত এই গৰকী ছাত্ৰীয়ে চক্ৰাসন (wheel pose) কৰি " চলেন বুক অৱ ৱাল্ড ৰেকৰ্ড" ত (Cholan Book of World Record) নিজৰ নাম সন্নিবিষ্ট কৰিলে স্তুতি দেৱীয়ে। চক্ৰাসন কৰি ২ মিনিটত এশ মিটাৰ অতিক্ৰম এই অভিলেখ গঢ়িলে ৰহা শংকৰদৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী স্তুতিয়ে। ৰহা ৰজাগাৱঁৰ ভাৰতীয় সেনাবাহিনীত কৰ্মৰত নকুল নাথ আৰু স্বৰ্ণলতা দেৱীৰ সন্তান স্তুতিয়ে সৰুৰে পৰা যোগাসন কৰি আহিছে। আজি ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত 'Cholan Book of World Record' ৰ অসম শাখাৰ মূৰব্বী হৰেশ্বৰ শইকীয়াৰ উপস্থিতিত দুই মিনিটত এশ মিটাৰ অতিক্ৰম কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় স্তুতিয়ে। স্তুতিৰ এই অভিলেখত ৰহাৰ বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে। এই অনুষ্ঠানত ক্ৰীড়া সংগঠক তপন দাসো উপস্থিত থাকে।সৰুৰে পৰা ৰহা পতঞ্জলী যোগ শিবিৰত যোগৰ আদিপাঠ আয়ত্ব কৰা স্তূতি দেৱীয়ে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো যোগ প্ৰদৰ্শন কৰি বিশেষ সমাদৰ লাভ কৰিছে ।উল্লেখ্য যে এই চক্ৰাসন আসনত থিয় হৈ পাছফালে বিশেষ ভংগীত মূৰটো তললৈ কৰি মুৰ আৰু চকুৰে পাছফালে চাই হাত আৰু ভৰিৰে জন্তুৰ দৰে মাটিৰ ওচৰলৈ মূৰ কৰি ওলোটাকৈ খোজ কাঢ়িব লাগে পাছফালে ।অতি কঠিন আসনখন কৰি স্তূতিয়ে অভিলেখৰ সৃষ্টি কৰাত ৰহাত বৈছে আনন্দৰ জোঁৱাৰ ।

No comments