ধুবুৰী, ৩১ জানুৱাৰী ঃ অসম ক্ৰিকেট সন্থাৰ সৌজন্যত আৰু ধুবুৰী জিলা ক্ৰিড়া সন্থাৰ উদ্যোগত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় খেলপথাৰত ‘অসম প্ৰিমিয়াৰ ক...
ধুবুৰী,৩১ জানুৱাৰী ঃ অসম ক্ৰিকেট সন্থাৰ সৌজন্যত আৰু ধুবুৰী জিলা ক্ৰিড়া সন্থাৰ উদ্যোগত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় খেলপথাৰত ‘অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ’ নামৰ ক্ৰিকেট টুৰ্নামেন্টখন ৪০ অভাৰৰ এদিনীয়া ক্ৰিকেট খেল আৰম্ভ হৈছে। এই টুৰ্নামেন্টখনত আজি বি.এন. কলেজ ক্ৰীকেট একাডেমী বনাম নিউ গদাধৰ ক্লাবৰ মাজত । আজি অনুষ্ঠিত হোৱা খেলখনত বি.এন. কলেজ ক্ৰীকেট একাডেমী ৬৩ ৰানত বিজয় সাব্যস্ত কৰিছে। খেলখনত বি.এন. কলেজ ক্ৰীকেট একাডেমী ৩৩ অভাৰত ৯টা উইকেট হেৰুৱাই ২৬৪ ৰান কৰাৰ বিপৰীতে নিউ গদাধৰ ক্লাবে ৩৩ অভাৰত ৮টা উইকেট হেৰুৱাই ২০১ ৰান কৰে। বি.এন. কলেজ ক্ৰীকেট একাডেমীৰ নেকিবুল ইছলামে ৩৭ বলত ৬২ ৰান কৰি খেলখনৰ ‘মেন অৱ দা মেচ’ৰ সন্মান লাভ কৰে।
No comments