Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গুৱাহাটীত থলুৱা ঠিকাদাৰে নিৰ্মাণ কৰা ছুপাৰ মাৰ্কেটৰ প্ৰথমখন উৰণীয়া সেঁতুত ব্যৱহাৰ হৈছে অত্যাধুনিক প্ৰযুক্তি

 গণবাৰ্তা : আজাৰা, ২৩ জানুৱাৰী : উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত  ৰাজধানী দিছপুৰৰ যান-জটৰ সমস্যা লাঘঁৱ কৰাৰ লক্ষ্যৰে  লাষ্টগেটৰ...


 গণবাৰ্তা : আজাৰা, ২৩ জানুৱাৰী : উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত  ৰাজধানী দিছপুৰৰ যান-জটৰ সমস্যা লাঘঁৱ কৰাৰ লক্ষ্যৰে  লাষ্টগেটৰ পৰা ছুপাৰ মাৰ্কেট হৈ সচিবালয়ৰ সন্মুখলৈ এখন উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লোকনিৰ্মান বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ (পথ) কাৰ্যবাহী অভিযন্তা প্ৰণৱ ৰাভাই জানিবলৈ দিয়া মতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু লোকনিৰ্মান বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা ঠিকাদাৰেও যাতে উৰণীয়া সেঁতুকে ধৰি ৰাজ্য চৰকাৰৰ বৃহৎ প্ৰকল্প সমূহ নিৰ্মাণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তাৰ অংশহিচাপে দিছপুৰ ছুপাৰ মাৰ্কেটত যুদ্ধ কালীন তৎপৰতাৰে নিৰ্মাণ  কৰি থকা উৰণীয়া সেতুখন গুৱাহাটীৰ পাৰ্শ্ববৰ্তী মিৰ্জাৰ অনিল দাস নামৰ এজন থলুৱা ঠিকাদাৰক নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে । ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু  ১২৭.২০ কৌটি টকা ব্যয়ৰে বিশ্বমানৰ তথা আন্তৰ্জাতিক মানদণ্ডৰে নিৰ্মাণ কৰি থকা সেঁতুখন  নিৰ্মাণ সম্পূৰ্ণ কৰাৰ তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ উৰণীয়া সেতু নিৰ্মাণৰ দায়িত্ব লাভ কৰা থলুৱা ঠিকাদাৰ  অনিল দাসে বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি  অহা বহাগ বিহুৰ সময়ত যাতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় তাৰ বাবে দিনে নিশাই কাম কৰি আছে। কার্যবাঁহী অভিযন্তা গৰাকীয়ে সদৰি কৰা অনুসৰি দুইলেন যুক্ত  সেতুখনৰ মুঠ দৈৰ্ঘ্য হব ৮২৫  মিটাৰ । ইয়াৰে ছুপাৰ মাৰ্কেটৰ পৰা লাষ্টগেটলৈ অংশটোৰ দৈৰ্ঘ্য হব ৩৯৪ মিটাৰ । চাৰে সাত মিটাৰ বহল সেতুখনত মুঠ ইস্পান থাকিব ২৫ টা । অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা সেতুখনৰ দিছপুৰ ছুপাৰ মাৰ্কেটৰ টি আকৃতিৰ  জংচনত বক্স গাৰ্ড।ৰ  থাকিব। দিছপুৰ সচিবালয়ৰ পৰা ডাউন টাউনলৈকে উৰণীয়া সেতুখন একমুখী হব । অৰ্থাৎ গণেশগুৰীৰ দিশৰ পৰা খানাপাৰালৈ যোৱা বাহন সমূহ সেতুৰ ওপৰৰে যাব যদিও খানাপাৰাৰ দিশৰ পৰা অহা বাহন সমূহ তলৰ ছাৰ্ভিছ লেনেৰে আহিব লাগিব । লাষ্টগেটলৈ পথচোৱা দুইমুখী হব । সম্প্রতি উৰণীয়া সেতুখনৰ সামগ্ৰীকভাৱে প্ৰায় ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছে।আনকি মূল গাৰ্ড।ৰৰ কাম প্ৰায় ৯০ শতাংশ সম্পন্ন হৈছে।সেতুখনত মুঠ ৭২ টা গাৰ্ডৰ থাকিব । প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত উৰণীয়া সেতুত নিৰ্মাণৰত গাৰ্ড।ৰ মূল সেতুৰ ওপৰত উঠাবলৈ বিশেষ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে ।  ইয়াৰ বাবে   ১৯ জানুৱাৰীত কলকাতাৰ পৰা অনা হৈছে  টাটা কোম্পানীৰ  দুখনকৈ বাহন ।  " টাটা ৯৫৫ এ এল চি ক্লাৱাৰ ক্ৰেন " নামৰ বিশেষ বাহন দুখনে একেলগে একে সময়তে প্ৰায় ১৫০ টন ওজনৰ সামগ্ৰী ওপৰলৈ উঠাব পাৰিব । সেতুখনত নিৰ্মাণ কৰা গাৰ্ডৰৰ ওজন দৈৰ্ঘ্য অনুসৰি  ৬০ৰ পৰা ৮০ টন পৰ্যন্ত হব। ২১ জানুৱাৰীৰ পৰা এই দুখন বাহনৰ সহায়ত মূল সেঁতুত গাৰ্ডৰ উঠোৱা কাম আৰম্ভ কৰা হৈছে ।   এইখিনিতে উল্লেখযোগ্য যে  ২০১৮ চনত তেতিয়াৰ গড়কাপ্তানী আৰু বৰ্ত্তমানৰ লোকনিৰ্মান বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় বিষয়া-অভিযন্তা সকলক যোগ্যতা থকা ৰাজ্যৰ থলুৱা ঠিকাদাৰ বা নির্মাণকাৰী প্ৰতিষ্ঠান সমূহক যাতে গুৰুত্বপূৰ্ণ  দলং , বাট-পথ প্ৰকল্পৰ  নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হয় তাৰ বাবে নিৰ্দেশনা দিছিল । দিছপুৰ ছুপাৰ মাৰ্কেটৰ  উৰণীয়া সেতুখনৰ নিৰ্মাণ কার্য সম্পন হলে দিছপুৰ কেন্দ্ৰীক যান জটৰ সমস্যা বহুখিনি সমাধান হোৱাতো নিশ্চিত। ইফালে মালিগাওঁৰ উৰণীয়া সেতুখনৰো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে অনুপম শৰ্মা নামৰ থলুৱা ঠিকাদাৰ এজনে। উল্লেখযোগ্য যে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দিছপুৰ উৰণীয়া সেঁতুত নিৰ্মাণ কার্যত বিশ্বমানৰ  অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ।


No comments