গণবাৰ্তা,যোগীঘোপা , ১১ জানুৱাৰী : যিসময়ত চৰকাৰী বেচৰকাৰী শিক্ষকৰ বেছি ভাগেই টিউচনৰ প্ৰতি আগ্ৰহ দেখুৱায় তেনেকুৱা সময়ত চৰকাৰী বিদ্যালয়ৰ এগৰা...
গণবাৰ্তা,যোগীঘোপা , ১১ জানুৱাৰী : যিসময়ত চৰকাৰী বেচৰকাৰী শিক্ষকৰ বেছি ভাগেই টিউচনৰ প্ৰতি আগ্ৰহ দেখুৱায় তেনেকুৱা সময়ত চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকে বিনা খৰচত নিজ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ পঢ়া শুনাৰ খা খবৰ লয় | শিক্ষক জনৰ নাম ময়নুল হক চৌধুৰী | সিদলসতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ময়নুল হক চৌধুৰীৰ বিশেষ গুণ থকাৰ বাবে অঞ্চলটোত জনপ্ৰিয় হৈ পৰিছে | শিক্ষা বিভাগৰ বিষয় শিক্ষক ময়নুল হক চৌধুৰীয়ে ছাত্ৰ ছাত্ৰীৰ সৈতে যথেষ্ট ঘনিষ্ট | ছাত্ৰ ছাত্ৰীৰ সৈতে অহৰহ ভাবে ফোনৰে যোগাযোগ ৰক্ষা কৰে আৰু নিশা ১১ বজাত তেওঁ ফোন কৰিহে টোপনি যায়। আনকি তেওঁ ৰাতিপূৱা আৰু সন্ধিয়া ছাত্ৰ-ছাত্ৰীৰ ঘৰত পঢ়া-শুনাৰ খবৰ লবলৈ যায় |এনেদৰেই ছাত্ৰ-ছাত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি পঢ়া শুনাৰ বুজ লয় চৌধুৰীয়ে । ছাত্ৰ-ছাত্ৰী , অভিভাবক আৰু শিক্ষক জনৰ মাজত ত্ৰিভুজ আকাৰৰ সম্পৰ্ক গঢ়ি উঠিছে | শৈক্ষিক ভাবে পিছপৰা সিদলসতীত হাই স্কুল স্থাপনৰ পিছত প্ৰায়োজন হৈছিল এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ | জানিব পৰা মতে , প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ অাপ্ৰাণ চেষ্টাৰ ফলত ১৯৯৯ চনত উচ্চতৰ মাধ্যমিকৰ শাখা খোলা হয় । বিষয় শিক্ষক সকলোৰ অহৰহ চেষ্টাৰ ফলত প্ৰত্যেক বছৰে ৫/৬ জনকৈ ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আহিছে | এই ক্ষেত্ৰত অইন অইন শিক্ষকৰ লগতে বিষয় শিক্ষক ময়নুল হক চৌধুৰীৰ কষ্ট আৰু চেষ্টাও জড়িত হৈ আছে | বিশেষকৈ উচ্চতৰ মাধ্যমিক শাখাৰ এনে এজনো ছাত্ৰ-ছাত্ৰী নাই যাৰ লগত এই শিক্ষা বিভাগৰ বিষয়- শিক্ষক জনৰ সম্পৰ্ক নাই । তেনে ক্ষেত্ৰত নিশ্চিতভাৱে শিক্ষক গৰাকী এজন আদৰ্শ শিক্ষক | মহান শিক্ষক গৰাকীয়ে যি আদৰ্শই দেখুৱাইছে সেয়া সমাজৰ বাবেই এক ইতিবাচক বাৰ্তা |
No comments