Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এটাৰ পিছত আনটোকৈ সংখ্যালঘু প্ৰধান এলেকাত উৰিছে হাবিব চৌধুৰীৰ হেলিকপ্টাৰ

  গণবার্তা জলেশ্বৰ 5জানু কোন এই হাবিব মহম্মদ চৌধুৰী,কি উদ্দেশ্য হাবিব মহম্মদ চৌধুৰীৰ,? কিয় কোটি কোটি টকা ব্যয় কৰি সঘনাই উৰাইছে হেলিকপ্টাৰ ...

 


গণবার্তা জলেশ্বৰ 5জানু কোন এই হাবিব মহম্মদ চৌধুৰী,কি উদ্দেশ্য হাবিব মহম্মদ চৌধুৰীৰ,? কিয় কোটি কোটি টকা ব্যয় কৰি সঘনাই উৰাইছে হেলিকপ্টাৰ । এটাৰ পিছত আনটোকৈ সংখ্যালঘু প্ৰধান এলেকাত উৰিছে হাবিব চৌধুৰীৰ হেলিকপ্টাৰ । ৰাজনীতি নে, সংখ্যালঘু সম্প্ৰদায় সমূহ ভোটাৰক আকৰ্ষিত কৰা । হাবিব মহম্মদ চৌধুৰীক সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ ওপৰত নিক্ষেপ কৰা বি জে পি দলৰ ব্ৰমাঅশ্ৰ নেকি ? মনকৰিবলগীয়া যে হাবিব মহম্মদ চৌধুৰীৰ‌ প্ৰতিটো সজাগতা সভাত বি জে পি দলৰ নেতা পালিনেতাৰ ভিৰ পৰিলক্ষিত হৈছে। এক প্ৰকাৰৰ বিভ্ৰান্তৰ সৃষ্টি হৈছে সংখ্যালঘু সম্প্ৰদায় লোকৰ মাজত। তাৰ মাজতে ধৰ্মীয় গুৰু সকলে আমাক ভয়-ভীতিৰ মাজত ৰাখিছে । এই ভয়ৰ পৰা আমি উদ্ধাৰ হবলৈ হাবিব চৌধুৰীৰ স্বাধীনতাৰ অভিযান । প্ৰশ্ন উত্থাপিত হৈছে নিজৰ ব্যাৱসায় এৰি সজাগতাত কিয় উঠিপৰি লাগিছে চৌধুৰী । এয়া এ আই ইউ এফ দলৰ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলক উৎখাত কৰাৰ বি জে পিৰ নতুন ৰণকৌশল নেকি ?  আজি জলেশ্বৰ সমষ্টিৰ শিমলাবাৰী বজাৰত অনুষ্ঠিত এখন সজাগতা সভাত  আমাৰ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হাবিব মহম্মদ চৌধুৰীয়ে কয় যে মই ৰাজনীতি কৰিবলৈ অহা নাই আৰু ৰাজনীতি নকৰো । উচ্চ শিক্ষাৰ বাবে এই অঞ্চলৰ 6জন ছাত্ৰক ভিয়েতনাম 6জনক শিংগাপুৰ আৰু 6জন ছাত্ৰক মালায়ছিয়াত স্কিল Developmentৰ জৰিয়তে উচ্চ শিক্ষাৰ বাবে বিদেশত পঠোৱা হ'ব মন্তব্য কৰে হাবিব চৌধুৰীয়ে । দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ উপৰিও বিদেশতো উচ্চ শিক্ষাৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে  হাবিব চৌধুৰী নেতৃতাধীন J&R আৰু Minority Development Social Welfare Society (MDSWS ) য়ে ।

No comments