Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তেইশ, চব্বিশ জানুৱাৰীত পদুম পুখুৰী হাই স্কুলৰ সোণালী জয়ন্তী উৎসৱঃতেৰখন উপ সমিতি গঠনঃ ক্ষীপ্ৰতাৰে আগবাঢ়িছে আন্তগাঁঠনিিৰ কাম

 ৰত্নেশ্বৰ চহৰীয়া, দেওমৰনৈ, ১৮ জানুৱাৰীঃ দৰং জিলাৰ পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলিছে...


 ৰত্নেশ্বৰ চহৰীয়া, দেওমৰনৈ, ১৮ জানুৱাৰীঃ দৰং জিলাৰ পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলিছে।উনৈশ শ সত্তৰ চনতে বৃহত্তৰ মহলীয়াপাৰা কেন্দ্ৰিক অঞ্চলৰ শিক্ষা সচেতন ব্যক্তিৰ ঐক্যান্তিক প্ৰচেষ্টাত স্থাপন কৰা বিদ্যালয়খনিয়ে এইবেলি পঞ্চাশ বছৰ অতিক্ৰম কৰা উপলক্ষে অহা তেইশ আৰু চব্বিশ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য ক্ৰমণিকাৰে আয়োজিত সোণালী জয়ন্তী উদযাপন পৰিচালনাৰ বাবে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াক সভাপতি, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকত্ৰয় ক্ৰমে কানুৰাম শইকীয়াক কাৰ্যকৰী সভাপতি, সিদ্ধিনাথ শৰ্মাক মুখ্য সম্পাদক আৰু জিতেন্দ্ৰনাথ বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সোণালী জয়ন্তী উদযাপন সমিতি গঠন কৰা হৈছে। আনহাতে সোণালী জয়ন্তীৰ সমূহ কাৰ্যসূচী সম্প্ৰচাৰৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ যুৱ সমাজকৰ্মী ঘনকান্ত কলিতাক সভাপতি আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক ৰত্নেশ্বৰ চহৰীয়াক সম্পাদক হিচাপে লৈ প্ৰচাৰ উপ সমিতিকে ধৰি তেৰখন উপসমিতি গঠন কৰা হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষতেই সোণালী জয়ন্তী উদযাপন হবলগীয়া আছিল যদিও বিশ্বত্ৰাসিত কভিজ-১৯ৰ মহা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত একাধিকবাৰ তাৰিখ নিৰ্ধাৰণ কৰিও সলনি কৰিব লগীয়া হোৱাৰ বিপৰীতে পুনৰ এই মাহৰ তেইশ আৰু চব্বিশ জানুৱাৰী নিৰ্দ্ধাৰণ কৰা হয়।সোণালী জয়ন্তী উদযাপনলৈ আৰু মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত বিভিন্ন উপ সমিতি সমূহে নিজৰ নিজৰ দ্বায়িত্বৰ কামসমূহ ক্ষীপ্ৰ গতিত  চলাই থকা পৰিলক্ষিত হৈছে।সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী অনুসৰি তেইশ জানুৱাৰীৰ পুৱা চাৰে সাত বজাৰ স্বচ্ছতা অভিযানৰ পিচতে ' 'দানসাগৰ' বলীৰাম ডেকাৰ আৰ্থিক অনুদানেৰে নিৰ্মিত বিদ্যালয় সংযোগী উন্নীতকৰণ পথ উন্মোচন কৰিব শিক্ষক শিৱৰাম  ডেকাই। আঠ বজাত বন্তি প্ৰজ্বলন কৰিব বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ধীৰেশ্বৰ শৰ্মাই।ইয়াৰ পিচতে স্থায়ী পতাকা বেদী উন্মোচন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষেশ্বৰ ডেকাই। চাৰে আঠ বজাত সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি বিনন্দ কুমাৰ শইকীয়াই। সমান্তৰালভাৱে পঞ্চাশ খন পতাকা উত্তোলন কৰিব পঞ্চাশ গৰাকী বিশিষ্ট ব্যক্তিয়ে। ন বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাই।ইয়াৰ পিচতে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়াই। চাৰে ন বজাত স্কাউট গাইডৰ পতাকা উত্তোলন কৰিব দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক পেঞ্চনাৰ পৃথু বৰুৱাই।ইয়াৰ পিচতে স্মৃতি তৰ্পণৰ মুখ্য তৰ্পক হিচাপে অংশ লব বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফটিক চন্দ্ৰ চহৰীয়াই।দহ বজাত বিশিষ্ট সমাজকৰ্মী কৃষ্ণ কান্ত চহৰীয়া সোঁৱৰণী সোণালী জয়ন্তীৰ স্থায়ী তোৰণ উন্মোচন কৰিব বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক দীনেশ্বৰ চহৰীয়াই। ইয়াৰ পিচতে স্থায়ী ৰংগমঞ্চ উন্মোচন কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতিয়ে। চাৰে দহ বজাত নবনির্মিত বিদ্যালয় ভৱনৰ দ্বাৰ মুকলি কৰিব উদযাপন সমিতিৰ সভাপতিয়ে। এঘাৰ বজাত সম্বৰ্দ্ধনা অনুষ্ঠান সঞ্চালনা কৰিব দলগাঁওস্থ 'ডায়েট'ৰ জ্যেষ্ঠ প্ৰবক্তা দেবেন্দ্র কুমাৰ কলিতাই। ২৪ জানুৱাৰীৰ পুৱা স্বচ্ছতা অভিযানৰ পিচতে চাৰে ন বজাত বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰ তথা পশু চিকিৎসা বিষয়া ডাঃ জনক শইকীয়াই। দুপৰীয়া এক বজাত মুকলি আৰু স্মৃতি গ্ৰন্থ উন্মোচনী সভা সঞ্চালনা কৰিব উদযাপন সমিতিৰ সভাপতি বিনন্দ কুমাৰ শইকীয়াই। বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে উদ্বোধন কৰিব লগীয়া সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে। মানৱ সম্পদ উন্নয়ন বিভাগৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ডঃ যোগেন কলিতা নিৰ্দিষ্ট বক্তাৰ অাসন অলংকৃত কৰা সভাতে উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ উন্মোচন কৰিব দেওমৰনৈ সামূহিক স্বাস্থ কেন্দ্ৰৰ উপ অধীক্ষক তথা দৰং জিলা কবি সমাজৰ সভাপতি, বিশিষ্ট প্ৰবন্ধকাৰ ডাঃ কমলাকান্ত শৰ্মাই। দৰং জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ডঃ জোৱাহিৰা তাবাচ্ছুম, খাৰুপেচীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বুদ্ধিন চন্দ্ৰ হাজৰিকা,সৰ্ব শিক্ষা অভিযান, দৰঙৰ জিলা আঁচনি বিষয়া চিত্তৰঞ্জন কলিতা,প্ৰাক্তন মন্ত্রী ডঃ জয়নাথ শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক খনীন্দ্ৰ ৰাজবংশী, বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মামনি ডেকা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাৰ অন্তত সন্ধিয়া ছয় বজাত বন্তি প্ৰজ্বলন কৰি সোণালী জয়ন্তী উদযাপনৰ সামৰণি মৰা হব। 

No comments