গণবাৰ্তা,বেচামাৰি, ১২ জানুৱাৰী: ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি মৰিগাঁও জিলাৰ মৈৰাবাৰীত ড৹ বানীকান্ত কাকতি মেধা বঁটা বিতৰণ কৰ...
গণবাৰ্তা,বেচামাৰি, ১২ জানুৱাৰী: ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি মৰিগাঁও জিলাৰ মৈৰাবাৰীত ড৹ বানীকান্ত কাকতি মেধা বঁটা বিতৰণ কৰা হয়৷ আজিৰ মৈৰাবাৰী ফকিৰ মটৰচ দ্বাৰা স্কুটী বিতৰণ অনুষ্ঠানখনত ধিং সমষ্টিৰ বিজেপি দলৰ যুৱ নেতা খলিলুৰ ৰহমানে এই বঁটা আনুষ্ঠানিক ভাৱে বিতৰণ কৰে ৷ জানিব পৰা মতে ৰাজ্যখনৰ প্ৰায় বাইশ হাজাৰ ছাত্ৰীক ড৹ বানীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰিব ৰাজ্যৰ শিক্ষা বিভাগে ৷ জানিব পৰা মতে মৰিগাঁও জিলাৰ মৈৰাবাৰীত ৪০ গৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এই স্কুটি প্ৰদান কৰিছে ৷
No comments