Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢেকীয়াজুলিত বিকশিত অসমৰ উন্নয়ণৰ নমুনা! ; ৰেল পথেৰে বিপদ সংকুল যাতায়ত ছাত্ৰ-ছাত্ৰী আৰু গাওঁবাসীৰ

গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি,২৪জানুৱাৰীঃ বিকশিত অসমৰ উন্নয়ণৰ নমুনা ৷যি সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰ খনে সৰ্বত্ৰে উন্নয়ণ হোৱা বুলি ঢাক- ঢোল বজা...


গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি,২৪জানুৱাৰীঃ বিকশিত অসমৰ উন্নয়ণৰ নমুনা ৷যি সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰ খনে সৰ্বত্ৰে উন্নয়ণ হোৱা বুলি ঢাক- ঢোল বজাইছে তেনে সময়তে ঢেকীয়াজুলি বিধান সভা সমষ্টিত এক ফোঁপোলাস্বৰূপ উন্মোচিত হৈছে৷উপযুক্ত বাট পথৰ অভাৱত এটা অঞ্চলৰ কন কন ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি গাওঁ খনৰ লোক সকলে ৰেলপথৰে নিতৌ কৰিবলগীয়া হয় বিপদ সংকুল যাতায়ত৷কন কন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি গাওঁ খনৰ লোক সকলেও কেনেকৈ ৰেলপথেৰে মৰনত শৰন দি যাতায়ত কৰি আহিছে যাক দেখিলে আপোনাৰো বুকু কপি উঠিব ৷শোণিতপুৰৰ ঢেকীয়াজুলি সমষ্টিৰ উত্তৰ মেজেংজুলি গাওঁ ৷ইয়াত উপযুক্ত বাটপথৰ অভাৱত ৰেল পথেৰে অতি বিপদ সংকুল ভাবে ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ অহা যোৱা কৰে ৷ইয়াৰ উপৰিও গাওঁ খনৰ লোক সকলেও এনেকৈয়ে বছৰ বছৰ ধৰি উপযুক্ত বাট পথৰ অভাৱত ৰেলপথেৰে খোজ কাঢ়ি অহা যোৱা কৰি আহিছে৷বছৰ বছৰ ধৰি মৰণত শৰন দি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি গাওঁ খনৰ লোক সকলৰ এই বিপদ সংকুল যাতায়তৰ কৰি অহাৰ ফলত বিগত সময়ছোৱাত বহু লোকে দূৰ্ঘটনাতো পতিত হবলগীয়া হৈছে৷উল্লেখ্য যে ঢেকীয়াজুলিৰ উত্তৰ মেজেংজুলি অঞ্চলত বাট পথৰ সু ব্যৱস্থা নথকাৰ বাবে অঞ্চলটোৰ লোক সকলে ৰেল পথেৰে অন্য এনেকৈ বিপদ সংকুল যাতায়ত কৰি মুল পথলৈ আহিব লাগে৷ইমানেই নহয় চিকিৎসালয়ত ৰোগীক নিবলৈ হলে নৰক যন্ত্ৰনা ভোগ কৰিব লাগে৷কিছুদুৰ কান্ধত আনিহে মুল পথৰ পৰা এম্বুলেন্সত চিকিৎসাললৈ নিয়ে ৰোগীক৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ কিম্বা বিধায়কে বাট পথৰ সু ব্যৱস্থা কৰি নিদিয়াত ৰাইজে চৰম দূৰ্ভোগ ভূগি আহিছে৷এই বিষয়ে স্থানীয় আফতাব আলমে কয়-বছৰ বছৰ ধৰি যাতায়তৰ নামত দূৰ্ভোগ ভূগি অহাৰ পিছতো আমাৰ সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহন কৰা নাই৷পৰিৱৰ্তন কথা কয় দিছপুৰৰ মচনদ দখল কৰা বিজেপি চৰকাৰে তেওঁলোকৰ যাতায়তৰ সু ব্যৱস্থা কৰি দিব বুলি বহু আশা কৰিছিল যদিও আজিকোপতি নহ’ল৷এই ক্ষেত্ৰত বিধায়ক অশোক সিংহালক হস্তক্ষেপৰ দাবী জনায়৷


No comments