গণ বাৰ্তা, ফুলনি, ২৪ জানুৱাৰী: ৩২ তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন দিৱসৰ লগত সংগতি ৰাখি আজি দেওবাৰে মাজুলী জিলা পৰিবহণ বিভাগে মাজুলী মি...
গণ বাৰ্তা, ফুলনি, ২৪ জানুৱাৰী: ৩২ তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন দিৱসৰ লগত সংগতি ৰাখি আজি দেওবাৰে মাজুলী জিলা পৰিবহণ বিভাগে মাজুলী মিনি ষ্টেডিয়ামৰ পৰা জিলা পাৰিবহন কাৰ্যালয়লৈ "পথ সুৰক্ষা জীৱন ৰক্ষা" শ্লোগানেৰে এক "পদ যাত্ৰা" কাৰ্যসূচী ৰূপায়ন কৰে । লগতে স্বামী বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ৰ বিদ্যাৰ্থী সকলে "জীৱন সুৰক্ষা "নামৰ এখন বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজক পথ সুৰক্ষাৰ ওপৰত সজাগতা কৰে । জিলা পৰিবহণ বিষয়া আৰু সহকাৰী পবৰ্তক বিষয়া গৰাকীয়ে উপস্থিত সকলৰ উদ্দেশ্যে সজাগতামূলক মন্তব্য আগবঢ়ায়।
No comments