Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সোণাৰিত জোঁৰ লৈ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ

  গণ বাৰ্তা চৰাইদেউ, ১৯ জানুৱাৰী : "পুনৰ কা বিৰোধী আন্দোলন তীব্ৰতৰ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী ...


 গণ বাৰ্তা চৰাইদেউ, ১৯ জানুৱাৰী : "পুনৰ কা বিৰোধী আন্দোলন তীব্ৰতৰ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি নলয়। এইবাৰ গাঁৱে-ভূঞে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব "। এই মন্তব্য সংগঠনটোৰ কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ সম্পাদক চাবিৰ আহমেদৰ। উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত আজি ৰাজ্যজুৰি সাব্যস্ত কৰা হয়   উত্তাল প্ৰতিবাদ। সংগঠনটোৱে জোঁৰ লৈ সাব্যস্ত কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰুধী প্ৰতিবাদ। 'কা' বাতিল আৰু আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰিত আজি এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মূখত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  উপদেষ্টা ৰঞ্জিত চাংমাই, তথ্য আৰু প্ৰচাৰ সম্পাদক চাবিৰ আহমেদৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় নেতাৰ ওপৰিও টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি বিজয় ৰাজকোঁৱৰ তথা বহু কেইগৰাকী ব্যক্তিয়ে  অংশগ্ৰহন কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি তথ্য আৰু প্ৰচাৰ সম্পাদক গৰাকীয়ে কয়, "কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ যুৱ ছাত্ৰ পৰিষদৰ জন্ম লগ্নৰ দাবী আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তন কৰাৰ দাবী উত্থাপন কৰা হৈছে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সুৰক্ষাৰ স্বাৰ্থত"। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপা নেতা বিজয় ৰাজকোঁৱৰে চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপৰ তীব্ৰ সমালোচনা কৰি কয়, "জাতি-মাটি-ভেটি সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰে বাৰম্বাৰ অসমীয়া জাতিক প্ৰতাৰণা কৰিছে। কা আইনৰ জৰিয়তে অসমীয়াক নিশেষ কৰিব বিচাৰিছে চৰকাৰখনে। চৰকাৰৰ এনে কাৰ্য কেতিয়াও মানি লোৱা নহ'ব। আগন্তুক নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব'।

No comments