Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অহাবৰ্ষৰ পৰা কৃতি ছাত্ৰৰ বাবেও বিশেষ ব্যৱস্থা কৰা হ'ব: হিমন্ত বিশ্ব শৰ্মা

দীপাংকৰ বৰুৱা, মুছলপুৰ,২ জানুৱাৰীঃ অহা বছৰৰ বাবে কৃতি ছাত্ৰ সকলৰ বাবেও চৰকাৰে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা। কৃতি ছাত্ৰীসকলে স্কুটী লাভ কৰাৰ দৰে...


দীপাংকৰ বৰুৱা, মুছলপুৰ,২ জানুৱাৰীঃ অহা বছৰৰ বাবে কৃতি ছাত্ৰ সকলৰ বাবেও চৰকাৰে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা। কৃতি ছাত্ৰীসকলে স্কুটী লাভ কৰাৰ দৰে অহা বছৰৰ পৰা কৃতি ছাত্ৰ সকলৰ ক্ষেত্ৰতো চৰকাৰে কিবা চিন্তা কৰিব। আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত মুছলপুৰত প্ৰজ্ঞাণ ভাৰতি আঁচনিৰ অধীনত ড° বানীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ বিত্ত আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেখেতে কয় যে যোৱা বছৰ ক'ভিডৰ বাবে এক চূড়ান্ত বেদনাদায়ক আছিল। এই সময়ছোৱাত বিদ্যালয়সমূহ বন্ধ আছিল, ব্যৱসায়-বানিজ্য বন্ধ আছিল। এই বেদনাদায়ক বছৰটোৰ পৰা মুক্তি লাভ কৰি নতুন বছৰৰ বাবে সকলোৱে আগ্ৰহেৰে বাট চাই আছিল। কিন্তু এই সকলৰ পৰা মুক্তি লাভ কৰাৰ পিছতে নতুন বছৰৰ দ্বিতীয় দিনটোত আজি বাক্সাত ৫৪১ গৰাকী কৃতি ছাত্ৰীক স্কুটী প্ৰদান কৰা হয় বুলি মন্তব্য কৰে। আনহাতে স্নাতকোত্তৰ শিক্ষানুষ্ঠান পঢ়িব খোজা ছাত্ৰীক ১৫০০ টকাকৈ প্ৰদান কৰাৰ লগতে তামুলপুৰত নতুন মেডিকেল কলেজ আৰু পাগলাদিয়া নদীত দলং নিৰ্মাণ কৰা হ'ব বুলি। মন্ত্ৰী গৰাকীয়ে ৰসিক ভাষণেৰে কয় যে আগতে  ল'ৰা বিলাকে বাইক চলাইছিল আৰু ছোৱালী বিলাকে পিছত উঠিছিল। কিন্তু এতিয়া ছোৱালীয়ে বাইক চলাব আৰু ল'ৰাই পিছত উঠিব। ভাষণত কয় যে হিন্দু ধৰ্মত মহিলাক সন্মানৰ বিষয়ে উল্লেখ আছে। সেয়েহে উপাৰ্জন কৰিবলৈ হ'লে লক্ষ্মীক পূজা কৰিব লাগে আৰু পঢ়িবলৈ হ'লেও সৰস্বতীক পূজা কৰিব লাগে। সেয়ে সনাতন ধৰ্মত মহিলাক পূজা কৰাৰ দৰে ছোৱালী সকলক স্কুটী দিয়াৰ কথা ভবা হৈছে বুলি কয়। আনহাতে বাঘবৰ, জনিয়া আদিৰ মহিলা সকলে শিক্ষাৰ অভাৱত কম বয়সতে বিয়া হৈ দুই তিনিটা সন্তানৰ মাতৃ হোৱাৰ দৰে তেনে পৰিবেশ হ'ব নালাগে বুলি কয়। অহা চাৰি বছৰৰ ভিতৰত নাৰীৰ প্ৰতি থকা দৃষ্টিভংগী সলনি হব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। চৰ অঞ্চলতো কম বয়সত বিয়া দিয়া পদ্ধতি সলনি হোৱাৰ লগতে তেওঁলোকে চাকৰিও পাব। যোৱা মাহত ১৮ লাখ অৰুনোদয় আচনিৰ অধীনত ৮৩০ টকাকৈ লাভ কৰাৰ পিছত বিটিচিত এতিয়া এটা নতুন সম্ভাৱনাৰ দিশলৈ লৈ যাব বুলি মন্তব্য কৰি ঐতিহাসিক বিটিআৰ চুক্তিৰ পিছত সকলো জাতি জনগোষ্ঠীয়ে মিলি বিটিচিত কোনোধৰণৰ হিংসা নোহোৱাকৈ সম্পন্ন হয়। বিটিচিৰ লোকে আমাৰ সমাজত আদৰ্শ দাঙি ধৰিছে এক ইতিহাস। বিগত সময়ছোৱাত বিটিচিয়ে কাম কৰিছিল যদিও পৃথক বড়োলেণ্ডৰ দাবীৰ বাবে সকলো কাম কৰিব পৰা নাছিল। সকলো জাতিৰ মাজত সমম্বয়ৰ সৃষ্টি হোৱা নাছিল। এনৰেগা আচনিয়ে জনতাক স্পৰ্শ কৰিব পৰা নাছিল। জব কাৰ্ড হিতাধিকাৰীৰ লগত নাছিল। এতিয়া  বিটিচিৰ পৰিবৰ্তন আহিছে। প্ৰমোদ বড়োৰ নেতৃত্বত গঠিত পৰিষদীয় চৰকাৰত সকলো জাতি জনগোষ্ঠীৰ মিলাপ্ৰীতিৰে গঠন হৈছে। আমি ৰাজনীতিৰ পৰা বহু ওপৰলৈ গৈ সকলো লোকৰে উন্নতিৰ বাবে কাম কৰিব লাগিব। আমি ৰাজনীতিৰ বাবে ৰাজনীতি কৰা নাই, বৰং সমাজৰ বাবেহে ৰাজনীতি কৰিছো। সম্প্ৰতি বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে আৰু পিছৰ পৰিবেশত আমি সকলোৰে লগত আছো। এতিয়া নিৰ্বাচনত কোৱা সকলো প্ৰতিশ্ৰতি সমুহ পূৰণ কৰাৰ বাবে ৰাইজৰ মাজলৈ আহিছো। বিটিচিত এতিয়া সকলো ডাঙৰ ডাঙৰ প্ৰকল্প যিটোৱে বিটিচিয়ে বহন কৰিব নোৱাৰে সেইবিলাক আমি কৰিব লাগিব। বিটিচিৰ সপোন পুৰণ কৰিব লাগিব বুলি মন্তব্য কৰি অহাবাৰ ১ লাখ ছাত্ৰীয়েও প্ৰথম বিভাগ পালে স্কুটী প্ৰদান কৰা হ'ব। স্কুটী লাভ কৰা ছাত্ৰীসকলক জিলা পৰিবহণ বিষয়াই বিনামূলীয়া অনুজ্ঞাপত্ৰ দিবলৈ অনুৰোধ জনায়। ইয়াৰ পূৰ্বে উপায়ুক্ত ৰঞ্জন শৰ্মাই উদ্বোধনী ভাষণত মনিষী ড° বাণীকান্ত কাকতিৰ নামত উৎসৰ্গীত স্কুটী লাভ কৰিবলগীয়া ছাত্ৰী সকলক জীৱনত আৰু উন্নতিৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়। ইয়াৰ পিছতে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ভাষণ প্ৰসংগত বিটিচিৰ নতুন পৰিষদীয় চৰকাৰৰ লগত অসম চৰকাৰৰ ভাল সম্পৰ্ক থকাৰ বাবে সকলো সমস্যা সমাধান কৰিব পৰা যাব বুলি মন্তব্য কৰে। আজিৰ অনুষ্ঠানত 
সাংসদ দিলীপ কুমাৰ শইকীয়া, নৱ কুমাৰ শৰণীয়া, বিধায়কত্ৰয় ইমানুৱেল মুছাহাৰী, থানেশ্বৰ বসুমতাৰী, মনেশ্বৰ ব্ৰহ্ম, বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ 

No comments