দিদাৰ হুছেইন,হাউলী,৯ জানুৱাৰীঃ বৰপেটা জিলাৰ হাউলী নগৰঝাৰ ন-যুৱান ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...
দিদাৰ হুছেইন,হাউলী,৯ জানুৱাৰীঃ বৰপেটা জিলাৰ হাউলী নগৰঝাৰ ন-যুৱান ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতি সোঁৱৰণী দিবা-নৈশ প্ৰাইজমানি আৰু ট্ৰফী ক্ৰিকেট খেল প্ৰতিযোগিতা শণিবাৰে আবেলি ৩ বজাৰ পৰা হালাপাকুৰী হাই মাদ্ৰাছা খেল পথাৰ প্ৰাঙ্গণত শুভ উদ্ধোধন কৰে বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক মফিজ উদ্দিন আহমেদ আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদে |নগৰঝাৰ ন-যুৱান ক্লাবৰ সভাপতি ছাদুল্লাহ আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আৰ,পি,আই দলৰ বৰপেটা জিলা সমিতিৰ সভাপতি আতিকুৰ ৰহমান, হালাপাকুৰী হাই মাদ্ৰাছাৰ অধীক্ষক ৰমজান আলী আহমেদ, বৰপেটা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি নূৰ ইনছান, বৰপেটা জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছৰোৱাৰ উদ্দিন, হাউলীৰ যুৱ সমাজকৰ্মী জিয়াৰুল হ'ক সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তিক অভিনন্দন জনোৱা হয় | ইয়াৰ পিছত ছেলিম জাবেদ আৰু ছাৰফুল ইছলামৰ পৰিচালনাৰে নাইন ষ্টাৰ মিউজিক ক্ৰিকেট টীম নগৰঝাৰ আৰু হালাপাকুৰী হাই মাদ্ৰাছা ক্ৰিকেট টীমৰ মাজত খেল অনুষ্ঠিত হয় | খেলখনৰ ট্ৰফী দাতাদ্বয় মফিজ উদ্দিন আহমেদ আৰু হাবিব আহমেদৰ এই অভিনৱ প্ৰচেষ্টাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে |
No comments