গণ বাৰ্তা, হাজো, ২৫ জানুৱাৰী : তীৰ্থনগৰী হাজোৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰম্বৈ আঞ্চলিক হাইস্কুলত আজি অনুস্থিত হৈ যায় বালিকা সুৰক্ষা মঞ্চৰ এক সজা...
গণ বাৰ্তা, হাজো, ২৫ জানুৱাৰী : তীৰ্থনগৰী হাজোৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰম্বৈ আঞ্চলিক হাইস্কুলত আজি অনুস্থিত হৈ যায় বালিকা সুৰক্ষা মঞ্চৰ এক সজাগতা সভা। বৰম্বৈ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ডালিমী দাসৰ পৌৰোহিত্বত অনুস্থিত সজাগতা সভাৰ আত ধৰে বালিকা সুৰক্ষা মঞ্চৰ সমন্বয়ক তথা শিক্ষয়িত্ৰী অনিমা দাসে। শিশু কন্যাৰ স্বাস্থ্য সুৰক্ষা, মাহিলী ৰ্ঋতুস্ৰাৱৰ জটিলতাৰ পৰা নিজকে বচাবলৈ লব লগীয়া যতন, বৰ্তমানৰ ক"বিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান আৰু অপ্ৰত্যাশিত দূৰ্যোগৰ সময়ত লব লগীয়া সজাগতা সম্পৰ্কীয় বিষয় সমুহৰ প্ৰতি শিশু কন্যা সকলক সজাগ কৰাৰ লক্ষ্যৰে এই সজাগতা সভা অনুস্থিত হৈ যায়। সভাত বৰম্বৈ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চ জুনু মালাকাৰ আৰু বৰম্বৈ তিনি নং মনাহকুছিৰ অঙ্গনবাড়ী কৰ্মী ইউৰূপা বেগমে শিশু কন্যা সকলক উদ্দ্যেশি স্বাস্থ্য সম্পৰ্কীয় বিধান আগবঢ়োৱাৰ লগতে পুষ্পিতা হোৱাৰ সময়ৰ পৰা লব লগীয়া যতন সম্পৰ্কে আলোকপাত কৰাৰ উপৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চি' যুক্ত ফলমূল খোৱাটো বাঞ্চনীয় বুলি উল্লেখ কৰে। সভাত অভিভাৱিকা সদস্যা ক্ৰমে নিৰু দাস আৰু হেমলতা দাসে সম্প্ৰতি ক'ৰোণাৰ ভয়বহতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰিবলৈ শিশু কন্যা সকলক আহ্বান জনায়। সভাত বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ক্ৰমে ৰুমি ডেকা আৰু বিজুলী মজুমদাৰ উপস্থিত থাকে।
No comments