Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী সম্পন্ন

গণবাৰ্তা বিশেষ ডিব্ৰুগড়, ১১ জানুৱাৰী : আজি লাহোৱাল বিধানসভা সমষ্টিৰ নতুন বছাপথাৰ গাঁৱত অসম জাতীয় পৰিষদৰ এটি যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যা...


গণবাৰ্তা বিশেষ ডিব্ৰুগড়, ১১ জানুৱাৰী : আজি লাহোৱাল বিধানসভা সমষ্টিৰ নতুন বছাপথাৰ গাঁৱত অসম জাতীয় পৰিষদৰ এটি যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই যোগদান কাৰ্যসূচীত নতুন বছাপথাৰ গাঁৱৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ তিনি শতাধিক লোক উপস্থিত থাকে। দলীয় যোগদান কাৰ্যসূচী উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ, মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা অসম জাতীয় পৰিষদৰ লাহোৱাল সমষ্টিৰ সভাপতি কেশৱ দত্তই। সভাত অসম জাতীয় পৰিষদৰ লাহোৱাল বিধানসভা সমষ্টিৰ দিব্যজিৎ দত্ত, বিপিন মেছ, সৰল দত্ত, স্বাক্ষৰজ্যোতি বুঢ়াগোহাঁই, অসম জাতীয় পৰিষদৰ যুৱশক্তিৰ মুখ্য আহ্বায়িকা নিভা দত্ত, ডিব্ৰুগড় জিলা মহিলা যুব শক্তিৰ সম্পাদিকা তথা কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা  পিতাঞ্জলি দত্ত মেধি, লাহোৱাল সমষ্টিৰ যুটীয়া সম্পাদক কিৰণ বড়া প্ৰমুখ্যে বহুতো গণ্য - মান্য ব্যক্তি উপস্থিত থাকে। সভাৰ আৰম্ভনিতে সভাৰ আহ্বায়ক মাধুৰ্য গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। অসম জাতীয় পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে সভাত স্বাক্ষৰজ্যোতি বুঢ়াগোহাঁয়ে অৱগত কৰি সাম্প্ৰতিক সময়ত অসম জাতীয় পৰিষদৰ প্ৰাসংগিকতাৰ কথা দোহাৰে। আজিৰ সভাত নতুন বছাপথাৰ গাঁৱৰ পুৰুষ মহিলা সমন্বিতে ১০০ গৰাকী ব্যক্তিয়ে অসম জাতীয় পৰিষদ দলত যোগদান কৰে। 

No comments