Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যিক ভিত্তিক টাইকোৱানডো প্ৰতিযোগিতাত ৪২ টা পদকেৰে শ্ৰেষ্ঠতা অৰ্জন বাক্সা জিলাৰ

দীপাংকৰ বৰুৱা,মুছলপুৰ,১৬ জানুৱাৰী: নলবাৰী জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত আৰু মাৰ্চিয়েল টাইকোৱানডো ট্ৰেইনিং চেন্টাৰৰ সহযোগত আজি নলবাৰী জিলাৰ ...


দীপাংকৰ বৰুৱা,মুছলপুৰ,১৬ জানুৱাৰী: নলবাৰী জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত আৰু মাৰ্চিয়েল টাইকোৱানডো ট্ৰেইনিং চেন্টাৰৰ সহযোগত আজি নলবাৰী জিলাৰ শিলগোসাঁনীত  আয়োজিত তৃতীয় বাৰ্ষিক আমন্ত্ৰণীমূলক ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বাক্সা জিলাই সৰ্বমুঠ ৪২ টা পদক লাভেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ প্ৰশিক্ষক  দ্বিপেন ঠাকুৰীয়াৰ তত্বাৱধানত বাক্সা জিলাৰ খেলুৱৈৰ দলটোৱে ১৬ টা সোণৰ, ১২ টা ৰূপৰ আৰু ১৫ টা ব্ৰঞ্জৰ পদকসহ মুঠ ৪২ টা পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি জিলাখনলৈ এই গৌৰৱ কঢ়িয়াই আনেে ৷ প্ৰতিযোগিতাৰ ছোৱালী শাখাত বাক্সা জিলাৰ নিকিতা শৰণীয়াই বেষ্ট ফাইটাৰ খিতাপ লাভ কৰে ৷ ৫ বছৰ অনুৰ্ধ্ব শাখাত জোনাক নীল কাশ্যপ আৰু নিশিতা কাশ্যপে সোণৰ পদক, ৮ বছৰ অনুৰ্ধ্ব শাখাত জেমছ হাজৰিকাই ব্ৰঞ্জৰ পদক, ছাব জুনিয়ৰ শাখাত বিকাশ শৰ্মা আৰু অন্তৰীক্ষ হাজৰিকাই সোণৰ পদক, হৃদয় প্ৰবাল ৰয়ে ৰূপৰ পদক, প্ৰিন্স শৰ্মাই ব্ৰঞ্জৰ পদক, দ্বৈথুন বড়ো, সৌৰভ বৰ্মন আৰু সন্তু ৰাজবংশীয়ে ব্ৰঞ্জৰ পদক, কেডেট গাৰ্লছ শাখাত ৰশ্মি বড়ো, মৌচুমী বড়ো আৰু বৈহৈথি স্বৰ্গীয়াৰীয়ে সোণৰ পদক, জুবলি বড়োৱে ৰূপৰ পদক আৰু মনিকা বড়োৱে ব্ৰঞ্জৰ পদক, কেডেট বয়জ শাখাত ৰঞ্জন বৰ্মনে সোণৰ পদক, অৰ্ণব শৰ্মাই ব্ৰঞ্জৰ পদক, ল'ৰাৰ জুনিয়ৰ শাখাত জুমন মজুমদাৰ আৰু অঙ্কুৰ ৰাজবংশীয়ে সোণৰ পদক, ছোৱালীৰ জুনিয়ৰ শাখাত ৰশ্মিতা হাজৰিকা আৰু ভায়োলীনা শৰণীয়াই সোণৰ পদক, ল'ৰাৰ ছিনিয়ৰ শাখাত গোবিন্দ বড়োই সোণৰ পদক আৰু দৈচা বড়োই ব্ৰঞ্জৰ পদক, ছোৱালীৰ ছিনিয়ৰ শাখাত নিকিতা শৰণীয়া আৰু প্ৰিয়ংঙ্কা ৰাজবংশীয়ে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় ৷

No comments