Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনৰ উপস্থিতিত বামুন্দী পঞ্চায়তৰ অগপ দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে শক্তি পৰিষদ গঠন

  গণ বাৰ্তা হাজো,১০ জানুৱাৰী :  আঞ্চলিকতাবাদৰ ভেটী স্বৰূপে পৰিগণিত ৫৫নং হাজো বিধানসভা সমষ্টিৰ বামুন্দী পঞ্চায়তত সাংগঠনিক দিশ সুদৃঢ় কৰাৰ বাবে...

 


গণ বাৰ্তা হাজো,১০ জানুৱাৰী : আঞ্চলিকতাবাদৰ ভেটী স্বৰূপে পৰিগণিত ৫৫নং হাজো বিধানসভা সমষ্টিৰ বামুন্দী পঞ্চায়তত সাংগঠনিক দিশ সুদৃঢ় কৰাৰ বাবে শক্তি পৰিষদ গঠন কৰাৰ উদ্দেশ্যেৰে বামুন্দীস্থিত সংস্কৃতিক টোলত শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত আজি এখনি দলীয়   সভা অনুষ্ঠিত হয় ।অৱসৰপ্ৰাপ্ত শিক্ষক সভাৰাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি অসমৰ প্ৰাক্তন মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক নুৰুল হুছেইনে ভাষণ প্ৰসঙ্গত কয় যে হাজোত আঞ্চলিকতাবাদৰ দূৰ্গ আছিল আৰু থাকিব । বিগত দিনত চাৰিবাৰকৈ অগপ দলৰ দখলত থকা সমষ্টিটো পুনৰ ২০২১ বিধানসভা নিৰ্বাচনত অগপ দলৰ দখলত আনিবলৈ নেতা কৰ্মী সকলক সাংগঠনিক দিশত অধিক শক্তিশালী হবলৈ আহ্বান জনাই।লগতে নুৰুল হুছেইনে পঞ্চতীৰ্থ নগৰী হাজো সমষ্টিৰ  অতীতৰ বিধায়ক তথা   অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  লৌহমানৱ বিষ্ণুৰাম মেধি আৰু বিধায়িকা ৰেণুকা দেৱী বৰকটকীক সোঁৱৰণ কৰি কয় যে পঞ্চতীৰ্থ নগৰী হাজো সমষ্টি হৈছে অসমৰ সন্মানীয় সমষ্টি। এই সন্মানীয় সমষ্টিত কিছুমান নেতাৰ আবিৰ্ভাৱ বৰ দুৰ্ভাগ্যজনক বুলি তেওঁ অভিহিত কৰে।সভাত দলীয় কৰ্মী সুবোধ কলিতা, ভূৱন কলিতা, জিতেন কলিতা, দিলীপ কলিতা, তিলক কলিতা আৰু  কিৰণ কলিতাই বক্তব্য আগবঢ়াই। ২০২১ বিধানসভা নিৰ্বাচনত হাজোত মিত্ৰজোঁটৰ পৰা অগপ দলৰ প্ৰাৰ্থী দিবলৈ সভাৰ জৰিয়তে কেন্দ্ৰীয় সমিতিক অনুৰোধ জনাই।এই সভাতেই অগপ বামুন্দি পঞ্চায়তত  শক্তি পৰিষদ গঠন কৰে। সমিতি খন এনেধৰণৰ-উপদেষ্টা ভাৰত কলিতা, সভাপতি সভাৰাম কলিতা, সাধাৰণ সম্পাদক  নৃপেন কলিতা, সম্পাদক তথ্য ও প্ৰযুক্তি  হুছেই আলী, প্ৰচাৰ সম্পাদক কুমুদ কলিতা, সাংগঠনিক সম্পাদক  জিতেন কলিতা আৰু  তিলক কলিতাকলৈ মুঠ ৩৩ জনীয়া কমিটি গঠন কৰে।প্ৰায় শতাধিক নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা  সভাত হাজো বিধান পৰিষদৰ সভাপতি প্ৰদীপ কুমাৰ বৰা, সম্পাদক বলী কলিতা, গোলোক ওঁজা, অসম যুৱ পৰিষদ কামৰূপ জিলা সমিতিৰ সম্পাদক, আতাউৰ ৰহমান, ধৰ্মেশ্বৰ দাস, ৰুবিউল হুছেইন, ৰাতুল ভৰালী, লুটফৰ ৰহমান আদিকে ধৰি কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Attachments area

No comments