Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মন্দিয়াৰ আদৰ্শবান মহিলা সমজান নেছাৰ মৃত্যু

পুলেন্দ্ৰ দাস, বৰপেটা, ৩১ জানুৱাৰী  :  বৰপেটা জিলাৰ মন্দিয়াৰ কপোহা গাঁৱৰ আদৰ্শবান মহিলা সমজান নেছাৰ আজি পুৱা গুৱাহাটীত মৃত্যু হয় ৷ মৃত্যুৰ স...


পুলেন্দ্ৰ দাস, বৰপেটা,৩১ জানুৱাৰী  : বৰপেটা জিলাৰ মন্দিয়াৰ কপোহা গাঁৱৰ আদৰ্শবান মহিলা সমজান নেছাৰ আজি পুৱা গুৱাহাটীত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৯৬ বছৰ ৷ উল্লেখ্য যে, কপোহা গাঁৱৰ কৃষক প্ৰয়াত মাধু মিঞাৰ পত্নী সমজান নেছাই সাধাৰণ কৃষকৰ পত্নী হৈও চাৰি গৰাকী পুত্ৰক উচ্চ শিক্ষাৰে সুশিক্ষিত কৰি উপযুক্ত হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল ৷ সমজান নেছাৰ জ্যেষ্ঠ পুত্ৰ হিকমত আলী আহমেদ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৷ দ্বিতীয় পুত্ৰ ড° হাফিজ  আহমেদ আমৰঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়চৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু চৰ চাপৰি সাহিত্য পৰিষদ, অসমৰ সভাপতিৰ লগতে লেখক হিচাপে পৰিচিত ৷ তৃতীয় পুত্ৰ সামেজউদ্দিন আহমেদ সাংবাদিক তথা প্ৰবক্তা হিচাপে সেৱা আগবঢ়াই আছে আৰু কণিষ্ঠ পুত্ৰ শ্বহিদুল ইছলাম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ লগতে লেখক হিচাপে পৰিচিত আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক ৷  কপোহা গাঁৱৰ নব্বৈ উৰ্ধবৰ আদৰ্শবান মহিলা সমজান নেছাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত সমজান নেছাই চাৰি গৰাকী পুত্ৰৰ লগতে তিনি গৰাকী জীয়াৰীৰ লগতে আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷ উল্লেখ্য যে সমজান নেছা অশিক্ষিত হৈও চাৰি পুত্ৰক উপযুক্ত শিক্ষাৰে গঢ় দি বৃহত্তৰ অঞ্চলত আদৰ্শবান মহিলা হিচাপে পৰিচিত হৈছিল ৷ মন্দিয়া পাথাৰ গাঁৱৰ জাৰি গীত পৰিৱেশন কৰা প্ৰয়াত জিয়াদ আলী বয়াতীৰ জ্যেষ্ঠ কন্যা সমজান নেছাক মন্দিয়া গাঁৱৰ প্ৰয়াত গিৰীশ মেধিয়ে ধৰ্ম জীয়ৰী বনাইছিল আৰু গৰু আদিও দান কৰিছিল । ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুখতাৰ হুছেইন খানে সমজান নেছাৰ  কপোহাস্থিত বাসগহত উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনায় ৷ একেদৰে বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থা, মন্দিয়া আঞ্চলিক সাংবাদিক সন্থা, ভেলেঙী সাহিত্য সাংস্কৃতিক গোষ্ঠী-মন্দিয়া আদি দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানেও সমজান নেছাৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনায় ৷

No comments