সঞ্জয় সৰকাৰ , কাজলগাঁও , ৪ জানুৱাৰী: বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম (RBSK) আৰু ৰাষ্ট্ৰীয় অন্ধতা ন...
সঞ্জয় সৰকাৰ , কাজলগাঁও , ৪ জানুৱাৰী: বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম (RBSK) আৰু ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ (NPCB) যৌথ উদ্যোগত চিৰাং জিলাত যোৱা ৩ ডিচেম্বৰ ২০২০ৰ পৰা মাহব্যাপী চলোৱা অধ্যয়নৰত শিক্ষাৰ্থী সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা চকু পৰীক্ষা কাৰ্যসূচীৰ আজি সামৰণি পৰে। উক্ত কাৰ্যসূচীৰ অধীনত জিলাখনৰ চিদলী আৰু বল্লামগুৰি স্বাস্থ্য খণ্ডৰ অধীনত ৪ খন আৰ বি এছ কে(RBSK)গোটে মুঠ ৬০ খন শিক্ষানুষ্ঠানৰ ৫৫৫৮ জন শিক্ষাৰ্থীৰ স্বাস্থ্য আৰু চকু পৰীক্ষা সম্পন্ন কৰে। বল্লামগুৰি খণ্ডত চকু বিশেষজ্ঞ চিকিৎসক শ্যামল বসুমতাৰীয়ে আৰু চিদলী খণ্ডত অফথালমিক এচিছটেন্ট মালবিকা ডেকাই শিক্ষাৰ্থী সকলৰ চকু পৰীক্ষা সম্পন্ন কৰে। জিলাৰ মুঠ ৯৩ জন শিক্ষাৰ্থীৰ দৃষ্টিদোষ চিনাক্ত হোৱাৰ পিছত আজি স্বাস্থ্য আৰু চকু পৰীক্ষণ কাৰ্যসূচীৰ সামৰণিৰ লগত সংগতি ৰাখি দৃষ্টিদোষ থকা শিক্ষাৰ্থী সকলৰ দৃষ্টিদোষ দূৰ কৰিবলৈ বিনামূলীয়া বিটচকু বিতৰণ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। জিলাৰ সদৰ মহকুমা আৰু বিজনী মহকুমাৰ কাকৰাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া বিটচকু (ছশমা) বিতৰণ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। কাকৰাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত অফথালমিক এচিছটেন্ট মালবিকা ডেকাই শিক্ষাৰ্থী সকলৰ মাজত বিটচকু (চছমা) বিতৰণ কৰে । বাকী থকা শিক্ষাৰ্থী সকলক পৰৱৰ্তী পৰ্যায়ত বিনামূলীয়া বিটচকু প্ৰদান কৰা হ'ব বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ চিৰাং জিলা মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
No comments