Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আকাশীগংগা বনভোজ খাবলৈ আহি গাড়ী দুৰ্ঘটনাত নগাঁৱৰ যুৱকৰ কৰুণ মৃত্যু

  গনবাৰ্তা, হোজাই, ডবকা ১০ জানুৱাৰী : হোজাই ডবকাত  পিকনিকৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত পতিত হৈ এজন যুৱক মৃত্যু হোৱাৰ লগতে কেবাজন যুৱক গুৰুতৰভাৱে আহ...

 


গনবাৰ্তা, হোজাই, ডবকা ১০ জানুৱাৰী : হোজাই ডবকাত  পিকনিকৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত পতিত হৈ এজন যুৱক মৃত্যু হোৱাৰ লগতে কেবাজন যুৱক গুৰুতৰভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ভয়ংকৰ পথ দুৰ্ঘটনাত নগাঁৱৰ যুৱক অংকুল ডেকাৰ কৰুণ মৃত্যু ঘটে, অংকুল ডেকাৰ ঘৰ নগাৱৰ বৰাগাও,সংকটজনক অৱস্থাত আন কেবাজন যুৱক চিকিৎসালয়ত ভৰ্তি কৰে ডবকা আৰক্ষীয়ে। নগাঁৱৰ সিমন্ত হাজৰিকা আৰু কিৰন কেৱৰ নামৰ আন দুজন যুৱকক মুমূৰ্ষু অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। AS02AC 6497 নম্বৰৰ  টাটামোবাইল গাড়ীৰে  15/16 জনীয়া এটা যুৱকৰ দলে নগাৱৰ পৰা ডবকাৰ আকাশীগংগা বনভোজস্থলি লৈ আহিছিল বনভোজ খাবলৈ । বনভোজস্থলি পোৱাৰ পুৰ্বেই ডবকা মধাৰতলিত 36 নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ পিছৰ পৰা পৰি যায় যুৱকৰ দলটোৱে। স্থানীয় ৰাইজৰ সহযোগত ডবকা আৰক্ষীয়ে যুৱক কেইজনক উদ্ধাৰ কৰি প্ৰথমে ডবকা চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা অতি সংকট জনক হোৱাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব উন্নত চিকিৎসাৰ বাবে নগাও লৈ প্ৰেৰণ কৰিছিল তিনিজনকৈ যুৱকক। নগাওঁ চিকিৎসালৈ পোৱাৰ পুৰ্বেই অংকুল ডেকাৰ ৰাস্তাতেই  মৃত্যু ঘটে। অংকুল ডেকাৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে ডবকা আৰক্ষীয়ে নগাওঁ ভোগেশ্বৰী ফুকননী অ সামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰিছে ।বনভোজস্থলি পোৱাৰ পুৰ্বেই অসাৱধানতাৰ কাৰণেই এজন যুৱক কৰুণ ভাৱে মৃত্যু হোৱা ঘটনাই পৰিয়ালৰ লগতে নগাও আৰু ডবকাত শোকৰ ছা বিৰাজ কৰিছে ।অবৈধ ভাৱে টাটামোবাইল গাড়ীৰে 25/16জনকৈ যুৱক কঢ়িওৱা গাড়ী চালক মইনুদ্দিন আহমেদ ডবকা আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ।

No comments