Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধুবুৰীৰ বিৰসিং জৰুৱা উন্নয়ন খণ্ডত সংঘটিত হৈছে চৰম দুৰ্নীতি; চৰকাৰী ধন আত্মসাৎ কাৰীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল

  ধুবুৰী, ১৯ জানুৱাৰী ঃ  ধুবুৰীৰ বিৰসিং জৰুৱা উন্নয়ন খণ্ডত প্ৰায় কোটি টকাৰ দুৰ্নীতিত ক্ষুব্ধ ৰাইজ । ধুবুৰীৰ বিৰসিং জৰুৱা উন্নয়ন খণ্ডত সংঘটিত...

 


ধুবুৰী, ১৯ জানুৱাৰী ঃ  ধুবুৰীৰ বিৰসিং জৰুৱা উন্নয়ন খণ্ডত প্ৰায় কোটি টকাৰ দুৰ্নীতিত ক্ষুব্ধ ৰাইজ । ধুবুৰীৰ বিৰসিং জৰুৱা উন্নয়ন খণ্ডত সংঘটিত হৈছে চৰম দুৰ্নীতি । চৰকাৰী ধন আত্মসাৎ কাৰীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল উন্নয়ন খণ্ডটোৰ অধীনস্থ মাজেৰচৰ চলাকুৰা গাওঁ পঞ্চায়তৰ সভাপতি-সচিবকে ধৰি একাংশই চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি নিজৰ নিজৰ পকেট গৰম কৰা ঘটনাই পঞ্চায়তবাসী ৰাইজক ক্ষুব্ধ কৰি তোলা দেখা গৈছে। 'ফোৰটিন ফাইনেঞ্চ কমিচন’ চমুকৈ এফএফচি আঁচনিৰ অধীনত ধুবুৰী জিলাৰ বিৰসিং জৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত  মাজেৰচৰ চলাকুৰা গাওঁ পঞ্চায়ত এলেকাত বিভিন্ন উন্নয়নমূলক কামৰ বাবে ২০১৬–১৭ বৰ্ষৰ পৰা ২০১৮–১৯ বৰ্ষলৈ চৰকাৰে মোকলাই দিয়া ধনৰ ব্যাপক হৰলুকি ঘটাৰ অভিযোগ উত্থাপিত কৰিছে মাজেৰচৰৰ ১০নং ৰিভাৰ ব্ল’কৰ বাসিন্দা জনৈক আব্দুল  মান্নান সেখ নামৰ এজন ব্যক্তিয়ে । আনকি ব্যাক্তিজনে এফএফচিৰ অধীনত চৰকাৰে মোকলাই দিয়া ধন আত্মসাৎ কৰাৰ বিষয়টোলৈ তদন্ত কৰাৰ দাৱী সম্বলিত এখন পত্ৰও যোৱা ৫ জানুৱাৰীৰ দিনা ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে অসম চৰকাৰৰ দূৰ্নীতি নিবাৰক শাখালৈ প্ৰেৰণ কৰা বুলিও আজি সাংবাদিকক জানিবলৈ দিয়ে । উক্ত বিষ্ফোৰক পত্ৰখনত এফএফচি–ৰ অধীনত চৰকাৰে মাজেৰচৰ চলাকুৰা গাওঁ পঞ্চায়তত বিভিন্ন উন্নয়নমূলক কামৰ বাবে ২০১৬–১৭ বৰ্ষত দ্বিতীয় কিস্তিৰূপে  ১৪,২৫,৩৪০ টকা, পুনৰ বৰ্ষটোতেই দ্বিতীয় কিস্তিৰূপে ১৪,২৫,৩৪০ টকা, ২০১৭–১৮ বৰ্ষত প্ৰথম কিস্তিৰূপে ১৬,৪৬,৮৪৪ টকা, ২০১৭–১৮ বৰ্ষত দ্বিতীয় কিস্তিৰূপে  ১৭,৩৩,৫১৯ টকা আৰু ২০১৮–১৯ বৰ্ষত প্ৰথম কিস্তিৰূপে ১৮,১৮,৪২৪ টকাকে ধৰি মোকলাই দিয়া মুঠ ৯৯,৫৪,৫৬৮ টকাৰ চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইপিনে বিৰসিং জৰুৱা উন্নয়ন খণ্ডৰ অধীনস্থ মাজেৰচৰ চলাকুৰা গাওঁ পঞ্চায়তত এফএফচি আঁচনিৰ অধীনত কালভাৰ্ট নিৰ্মাণৰ নামত চৰকাৰে ৮ লাখ ১১ হেজাৰ ৫৯৯ টকা আৰু একেটা পঞ্চায়ততে জিৰণি চ'ৰা আৰু টয়লেট নিৰ্মাণৰ নামত ২ লাখ ৩৩ হেজাৰ ৪৯২ টকা মোকলাই দিয়াৰ পিছতো মাজেৰ চৰ চলাকুৰা গাওঁ পঞ্চায়তৰ সভাপতি কেতাপ আলী, সম্পাদক আব্দুল ওহাব আৰু চলাকুৰা চৰ কালভাৰ্ট নিৰ্মাণ সমিতিৰ সভাপতি শুকুৰ আলীয়ে উক্ত আঁচনিৰ কোনো কামেই নকৰি সম্পূৰ্ন ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত পঞ্চায়তটোৰ নিৱাসী আব্দুল মান্নান সেখে মাজেৰচৰ চলাকুৰা গাওঁ পঞ্চায়তৰ সভাপতি কেতাপ আলী, সম্পাদক আব্দুল ওহাব আৰু চলাকুৰাচৰ কালভাৰ্ট নিৰ্মাণ সমিতিৰ সভাপতি শুকুৰ আলীৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি ধুবুৰী সদৰ আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰিছে বুলি আজি আব্দুল মান্নান সেখে সাংবাদিকৰ আগত জানিবলৈ দিয়ে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে দুৰ্নীতিত লিপ্ত পঞ্চায়তটোৰ পদবীধাৰী লোক সকলৰ বিৰুদ্ধে কেনে ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াই হব লক্ষণীয় ।

No comments