Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীত জোৰ সমদলেৰে উত্তাল প্ৰতিবাদ

  পৰাণজ্যোতি বৰা, মাজুলী,২২জানুৱাৰী:  মাজুলী জিলা ছাত্র সন্থাই আজি সন্ধ্যা মাজুলীৰ দৰিয়া ডুবিৰ পৰাৰ পৰা  চৰকাৰ বিৰুদ্ধে  এক প্ৰতিবাদী জোৰ সম...

 


পৰাণজ্যোতি বৰা, মাজুলী,২২জানুৱাৰী: মাজুলী জিলা ছাত্র সন্থাই আজি সন্ধ্যা মাজুলীৰ দৰিয়া ডুবিৰ পৰাৰ পৰা  চৰকাৰ বিৰুদ্ধে  এক প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।  CAA বাতিল,EIA 2020 প্ৰত্যাহাৰ,অসম চুক্তি ৬নং দফা ৰূপায়ন,অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।দৰিয়া ডুবিৰ পৰাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীতোক আৰক্ষীয়ে বাধা প্ৰদান কৰে।প্ৰতিবাদকাৰী সকলে হাতে হাতে জোৰ লৈ  নৰেন্দ্ৰ মোডী হায় হায়, নাগৰিকত্ব সংশোধনী অইন বাতিল কৰক, অসম চৰকাৰ হায় হায়, গৃহ বিভাগ হায় হায়, কেন্দ্ৰীয় চৰকাৰ সূচীয়াৰ, অমৃত শ্বাহ হায় হায় আদি  বিভিন্ন শ্ল গান দি পৰিবেশ উত্তাল কৰি তোলে।এই কাৰ্যসূচীত অংশ লৈ  মাজুলী জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় কোনো কাৰণত নাগৰিকত্ব সংশোধনী অইন মানি লোৱা নহব আৰু তাৰ লগতে অসম চুক্তি ৬নং দফা শীঘ্ৰে  ৰূপায়ন কৰিবলৈ এই আন্দোলনৰ যোগেদি দাবী জনালোঁ আৰু আমি কোনো দমন মূলক নীতি মানি নলওঁ গণতান্ত্ৰিক ভাবে আন্দোলন কৰিছোঁ আৰু কৰি যাম বুলি উল্লেখ কৰে।এই কাৰ্যসূচীত জিলা ছাত্র সন্থাৰ সভাপতি অজিত হাজৰিকাৰ লগতে জিলা সমিতিৰ বিষয় ববীয়া সকল উপস্থিত থাকে।

No comments