Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোগীঘোপাৰ ব্ৰহ্মপুত্ৰ নৈত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

গণবাৰ্তা, যোগীঘোপা , ২ জানুৱাৰী : বঙাইগাওঁ জিলাৰ যোগীঘোপাৰ ব্ৰহ্মপুত্ৰৰ ঘাটত আজি সন্ধিয়া  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দ...


গণবাৰ্তা, যোগীঘোপা , ২ জানুৱাৰী : বঙাইগাওঁ জিলাৰ যোগীঘোপাৰ ব্ৰহ্মপুত্ৰৰ ঘাটত আজি সন্ধিয়া  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিয়া হয় ।এই উপলক্ষে চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিশাল স্মৃতিচৰণ সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ।উক্ত অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ সদ্ভাৱনা যাত্ৰাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চিতাভষ্ম লৈ উপস্থিত হয় । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবিত বিভিন্ন দল সংগঠ ,নেতা কৰ্মী, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে  চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা  স্মৃতিচৰণ সভা  আৰু চিতাভষ্ম বিসৰ্জন কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, বৰপেটাৰ সাংসদ আব্দুল খালেক ,বিধায়ক আব্দুল হাই নাগৰী, বিধায়ক শুকুৰ আলী,বিধায়ক ৰেকিবুদ্দিন আহমেদ,অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰ সম্পাদক প্ৰদীপ সৰকাৰ উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৰাজনৈতিক জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য আগবঢ়ায় ।অনুষ্ঠানত  অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম আহমেদ, সম্পাদক  গিৰিশ বৰুৱা,বিধায়ক শ্বেৰমান আলী আহমেদ ,জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায় ,প্ৰাক্তন বিধায়ক ৰহিম খান, বঙাইগাওঁ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আবুল কাশেম আদি কৰি বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে ।স্মৃতিচৰণ সভাৰ শেষত বিশাল সমদলৰে সদ্ভাৱনা যাত্ৰা উলিয়াই যোগীঘোপা পুৰনি ফেৰী ঘাটত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈৱে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম ব্ৰহ্মপুত্ৰৰ নৈত বিসৰ্জন দিয়ে ।

No comments