Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কলিতা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা নিদিলে ৩৫ সমষ্টিত প্রাৰ্থী দিব কলিতা জনগোষ্ঠী সন্মিলনে

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৫ জানুৱাৰী : অসমৰ সত্তৰ লাখ জনসাধাৰণ কলিতা জনগোষ্ঠীয় |কিন্তু ইমান বৃহৎ সংখ্যক জনসাধাৰণ সদায় প্রাপ্য অধিকাৰৰ পৰা বঞ্চি...


সঞ্জীৱ দাস, ভৱানীপুৰ, ২৫ জানুৱাৰী : অসমৰ সত্তৰ লাখ জনসাধাৰণ কলিতা জনগোষ্ঠীয় |কিন্তু ইমান বৃহৎ সংখ্যক জনসাধাৰণ সদায় প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে |সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে এই জনগোষ্ঠীটোৰ লোকসকলে পিছ পৰি গৈছে |সেয়েহে কলিতা জনগোষ্ঠীৰ লোকসকলে এখন মঞ্চত একত্রিত হৈ তিনি দশক পূৰ্বে " কলিতা জনগোষ্ঠী সন্মিলন, অসম " নামেৰে অৰাজনৈতিক সংগঠনৰ জন্ম দিছে |এই সন্মিলনৰ তৰফৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ ৩৫ টা সমষ্টিত প্রাৰ্থী প্রদানৰ কথা চিন্তা চৰ্চা কৰা হৈছে |ইতিমধ্যে এই সমষ্টিকেইটাত প্রাৰ্থী বাচনি কৰা হৈছে |যদি কলিতা জনগোষ্ঠীক সংবিধানৰ ৩৪২ নং অনুচ্ছেদ অনুসৰি জনজাতিৰ মৰ্যাদা প্রদান কৰা নহয় |কলিতা জনগোষ্ঠী সন্মিলনৰ তৰফৰ পৰা ইতিমধ্যে চৰকাৰক দাবী জনোৱা হৈছে যে কলিতা জনগোষ্ঠীক প্রাগজ্যোতিষপুৰ স্বায়ত্ত শাসন প্রদান কৰক |কলিতা জনগোষ্ঠী হ'ল অসমীয়া জাতিৰ মেৰুদণ্ডৰ মজ্জা |সেয়েহে অসমৰ প্রত্যেকখন বিশ্ববিদ্যালয়ত ড০ বাণীকান্ত কাকতিৰ নামেৰে আসন প্রদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনোৱা হৈছে |কলিতা জনগোষ্ঠী সন্মিলনৰ বজালী জিলা সমিতি আৰু সন্মিলনৰ চতুৰ্থ দ্বি-বাৰ্ষিক সৰুপেটা অধিৱেশনৰ আদৰণী সমিতিৰ যৌথ উদ্যোগত আজি আবেলি সৰুপেটা মিলন মন্দিৰ প্রাংগণত আয়োজিত এখন সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে সন্মিলনৰ বজালী জিলা সমিতিৰ সভাপতি গোপাল তালুকদাৰে |উল্লেখযোগ্য যে অহা ২৯ আৰু ৩০ জানুৱাৰীত সৰুপেটাৰ মিলন মন্দিৰ প্রাংগণত অস্থায়ী ৰূপে স্থাপন কৰা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ক্ষেত্রত কলিতা জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় দুদিনীয়া অধিৱেশনখনৰ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰা হৈছে |সংবাদমেলখনত এই কথা সদৰী কৰাৰ লগতে ৰাজ্যৰ পাঁচ হাজাৰ প্রতিনিধিয়ে এই অধিৱেশনত অংশগ্রহণ কৰি যদি কলিতা জনগোষ্ঠী সন্মিলনৰ দাবীসমুহৰ প্রতি কোনো গুৰুত্ব প্ৰদান কৰা নহয় তেনেহ'লে আগন্তুক ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ পৰিৱৰ্তন বাবে চিন্তা চৰ্চা কৰিবলৈ বাধ্য হ'ব বুলি শাসকীয় আৰু বিৰোধী ৰাজনৈতিক দলসমুহক হুংকাৰ দিয়ে |সংবাদ মেলত কলিতা জনগোষ্ঠী সন্মিলনৰ বজালী জিলা সমিতিৰ সম্পাদক বাপন লাল চৌধুৰী, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অনুপল দত্ত পাঠক, সৰুপেটা অধিৱেশনৰ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি অধৰ বৰুৱা, উপ সভাপতি অৰবিন্দ বৰ্মন ,সাধাৰণ সম্পাদক মৃদুল কুমাৰ তালুকদাৰকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে |

No comments