Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰিয়নি-তিতাবৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ; মৰিয়নিত ৫ গৰাকী 'ডি' ভোটাৰ ; পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক

  গণ বাৰ্তাঃ মৰিয়নি:   ১৮ জানুৱাৰীঃ  তিতাবৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০১ নং মৰিয়নি বিধান সভা সমষ্টি আৰু ১০০ নং তিতাবৰ বিধান সভা সমষ্টিৰ চূড়...

 


গণ বাৰ্তাঃ মৰিয়নি: ১৮ জানুৱাৰীঃ তিতাবৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০১ নং মৰিয়নি বিধান সভা সমষ্টি আৰু ১০০ নং তিতাবৰ বিধান সভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি তিতাবৰৰ মহকুমাধিপতি কাৰ্যালয়ত প্ৰকাশ কৰা হয় । তিতাবৰ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া তথা তিতাবৰ মহকুমাৰ মহকুমাধিপতি খনীন্দ্ৰ দাসে আজি সংবাদ মাধ্যম আৰু দুয়োটা সমষ্টিৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে । প্ৰকাশিত ভোটাৰ তালিকা অনুসৰি তিতাবৰ নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৭৬,৬৬৮ গৰাকী । ইয়াৰে ১,৩৭৮৯৪ গৰাকী পুৰুষ ভোটাৰ আৰু ১,৩৮৭৭৪ গৰাকী মহিলা ভোটাৰ । লক্ষণীয় যে দুয়োটা সমষ্টিত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক । যোৱা ১৮ নৱেম্বৰত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাতকৈ এইবাৰ মুঠ ৬,২৬৯ গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । বৃদ্ধি পোৱা ভোটাৰৰ ভিতৰত ৪০৪৩ গৰাকীয়েই মহিলা আৰু ২২২৬ গৰাকী পুৰুষ ভোটাৰ ।   ১০১ নং মৰিয়নি বিধান সভা সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১,২২১২৮ গৰাকী । ইয়াৰে ৬০,৭১৫ গৰাকী পুৰুষ আৰু ৬১,৪১৩ গৰাকী মহিলা ভোটাৰ । ইয়াৰ মাজতে ৩৮৮ গৰাকী চাৰ্ভিচ ভোটাৰ আছে ।  সমষ্টিটোত ৩০০৬ গৰাকী ভোটাৰ বৃদ্ধি হৈছে । আনহাতে, মৰিয়নি বিধান সভা সমষ্টিত ৫ গৰাকী 'ডি' ভোটাৰ আছে । পূৰ্বতে ৬ গৰাকী 'ডি' ভোটাৰ আছিল যদিও ইয়াৰে এগৰাকীৰ বিদেশী ন্যায়াধীকৰণত ৰায়দান হোৱাৰ 'ডি' ভোটাৰৰ সংখ্যা ৫ গৰাকীলৈ হ্ৰাস পায় । মৰিয়নি বিধান সভা সমষ্টিত এইবাৰ ১৪২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত হ'ব । ইয়াৰ বিপৰীতে ১০০ নং তিতাবৰ বিধান সভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে  ১৮১ টা । মুঠ ভোটাৰৰ সংখ্যা ১,৫৪,৫৪০ গৰাকী । ইয়াৰে ৭৭,১৭৯ গৰাকী পুৰুষ ভোটাৰ আৰু ৭৭,৩৬১ গৰাকী মহিলা ভোটাৰ । এইবাৰ সমষ্টিটোত ৩,২৬৩ গৰাকী ভোটাৰ বৃদ্ধি পাইছে । সমষ্টিটোত চাৰ্ভিছ ভোটাৰৰ সংখ্যা ৫৪৯ গৰাকী । তিতাবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া মনিকা বৰা আৰু তিতাবৰৰ নিৰ্বাচনী পঞ্জীয়ক বিষয়া তথা তিতাবৰৰ ৰাজহ চক্ৰ বিষয়া মিতালী লাহন উপস্থিত থকা অনুষ্ঠানটোত তিতাবৰ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া তথা তিতাবৰৰ মহকুমাধিপতি খনীন্দ্ৰ দাসে কয়- ২০২১ চনৰ ১ জানুৱাৰীক ভিত্তিবৰ্ষ হিচাপে লৈ এই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে । ধাৰাবাহিক অন্তৰ্ভুক্ত ব্যৱস্থাৰ জৰিয়তে নতুন ভোটাৰ বা বাদ পৰি যোৱা ভোটাৰ সকলে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাব পাৰিব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে । ইয়াৰ বাবে প্ৰয়োজনীয় ৬ নং প্ৰ-পত্ৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ লগতে নিৰ্বাচনী পঞ্জীয়ক বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ক বিষয়াৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্য্যায়ৰ বিষয়া ( বি এল অ' )কাৰ্যালয়ত উপলব্ধ হ'ব বুলিও জিলা নিৰ্বাচনী বিষয়া খনীন্দ্ৰ দাসে জানিবলৈ দিছে ।

No comments