Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ জ' বাইডেনৰ; কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৱাশ্বিংটনত শপত গ্ৰহণ

  ৱাশ্বিংটন, ২০ জানুৱাৰী: আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতিৰূপে মাজ নিশা জ' বাইডেনে শপত গ্ৰহণ কৰে। জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠান আমেৰিকা...

 


ৱাশ্বিংটন, ২০ জানুৱাৰী: আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতিৰূপে মাজ নিশা জ' বাইডেনে শপত গ্ৰহণ কৰে। জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠান আমেৰিকাবাসীয়ে ভাৰ্ছুৱেল মাধ্যমৰে চোৱাৰ সুযোগ লাভ কৰে। কোৰোনা মহামাৰীৰ বাবে আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত তেওঁৰ সমৰ্থক অথবা অন্য লোকৰ উপস্থিতি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল। আনহাতে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে ড'নাল্ড ট্ৰাম্প। তেওঁ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানিকভাৱে ক্ষমতা হস্তান্তৰ নকৰে। উল্লেখ্য যে আমেৰিকাৰ ইতিহাসত ২০জানুৱাৰীত দেশখন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰি আহিছে। সেই ধৰা অব্যাহত ৰাখি জ' বাইডেনে ৪৬ সংখ্যক ৰাষ্ট্ৰপতিৰূপে ২০জানুৱাৰীত গ্ৰহণ কৰে। তেওঁ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দেশখনৰ ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰে। শপত গ্ৰহণৰ অনুষ্ঠানৰ পূৰ্বে আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত লকডাউন ঘোষণা কৰা হৈছিল। শপত গ্ৰহণ অনুষ্ঠানত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল। ইমানেই নহয় ৰাজধানীত ২৫ হাজাৰ সেনা মোটায়ন কৰা হৈছিল। ড'নাল্ড ট্ৰাম্পৰ সমৰ্থকে শেহতীয়াকৈ কেপিটেল হিলত সংঘটিত কৰা অপ্ৰীতিকৰ ঘটনা  আৰু কোৰোনা মহামাৰীৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকা প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে। মঙলবাৰে লিংকন মেমৰীয়েলত এখন সভাত ' বাইডেনে সেই সকল লোকক শ্ৰদ্ধাঞ্জলি জনায়, সেইসকলৰ কোৰোনা মহামাৰীত মৃত্যু হয়।আমেৰিকাত কোৰোনা মহামাৰীত চাৰি লাখতকৈ অধিক লোকৰ প্ৰাণহানি হয় ।আনহাতে আমেৰিকাৰ ৪৫ সংখ্যক ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে নিজৰ কাৰ্যকালৰ পৰা বিদায় লোৱাৰ কিছু ঘণ্টাৰ পূৰ্বে নিজৰ প্ৰাক্তন মুখ্য পৰামৰ্শদাতা  ষ্টিভ বেননসহ ৭৩জন ব্যক্তিক ক্ষমাদান দিয়ে। ইয়াৰ উপৰি অতিৰিক্ত ৭০জন ব্যক্তিক শাস্তিৰ পৰা সকাহ দিয়ে। ট্ৰাম্পৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে মুঠ ১৪৩জন অপৰাধীক ক্ষমা দান দিয়ে।

No comments