Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত আছুৰ প্ৰতিবাদী কাৰ্য্যসুচী: ক'লা পতাকা উত্তোলন

  গণবাৰ্তা বিশেষ,যোৰহাট ২৪ জানুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ যোৰহাট জিলা ছাত্ৰ স...

 


গণবাৰ্তা বিশেষ,যোৰহাট ২৪ জানুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট  জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰা লগতে ক'লা পতাকা উত্তোলন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে| কেন্দ্ৰীয় মন্ত্ৰী অমৃত শ্বাহৰ  অসম আগমনৰ দিনাই যোৰহাটত  সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই শতাধিক কৰ্মীৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে কয় , নাগৰিকত্ব সংশোধনী আইনৰ জড়িয়তে অসমীয়া ভাষা সংস্কৃতি শেষ কৰাৰ চক্ৰান্ত কৰিছে মোদী চৰকাৰে| এই আইন খন অসমীয়া ৰাইজে কেতিয়াও মানি লোৱা নাই আৰু ভৱিষ্যৎলৈও মানি নলয়| এই কথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহ মন্ত্ৰী অমৃত শ্বাহ তথা ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুজি পোৱা উচিত| ৰাজপথত আন্দোলন কৰি পৰৱৰ্তী সময়ত দিছপুৰৰ গাদী দখল কৰা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গনতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নোপোৱাতো অতি দুৰ্ভাগ্যজনক| বৰ্তমান সময়ত সৰ্বানন্দই ৰাজপথৰ আন্দোলনলৈ ভয় কৰি গনতান্ত্ৰিক আন্দোলন প্ৰতিহত কৰাৰ যি চেষ্টা কৰিছে সেয়া গৰিহনা যোগ্য |  সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১৬ খন  আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই আজিৰ এই প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰা লগতে প্ৰতিখন আঞ্চলিকতে এই প্ৰতিবাদ কাৰ্য্যসুচী ৰূপায়ন কৰা হয়। প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় যে অসমক লৈ বিভিন্ন উৎসাহী মন্তব্য কৰা  নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম খনক শেষ কৰিবলৈহে উঠি পৰি লাগিছে আৰু তাত ইন্ধন যোগাইছে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে| অসমীয়া মানুহৰ আৱেগ অনুভূতিক সন্মান দিব নজনা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অসমীয়াই কেতিয়াও ক্ষমা নকৰে| অসমৰ সভ্যতা-সংস্কৃতি , অসমৰ ভাষা বিপদাপন্ন কৰিব পৰা এই নাগৰিকত্ব সংশোধনী আইন আমি কোনো কাৰণতে মানি লোৱা নাছিলোঁ, মানি লোৱা নাই আৰু মানি নলওঁ|  বৰদলৈয়ে লগতে কয় , অসম আন্দোলন বা ইয়াৰ আগৰ পৰাই ছাত্ৰ সন্থাই শৃংখলাবদ্ধভাৱে অহিংস পন্থাৰে গণতান্ত্ৰিক আন্দোলনক বিশ্বাস কৰি জাতীয় সংগ্ৰাম আগবঢ়াই আহিছে । কিন্তু তৎস্বত্তেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে অসমৰ বিভিন্ন জিলাত জিলা ছাত্ৰ সন্থাসমূহে উলিওৱা জোঁৰ সমদল কাৰ্যসূচী সমূহৰ প্ৰতি বিজেপি চৰকাৰে ভয়ত কম্পমান হৈ চৰকাৰী স্তাৱকবাহিনী মেলি দিছে । ছাত্ৰ সন্থাৰ কৰ্মী সকলৰ ওপৰত লাঠি চার্জ কৰিছে , কন্দুৱা গেছ প্ৰয়োগ কৰিছে , শান্তিপূৰ্ণ সমদলক বাধা প্ৰদান কৰিছে । গণতান্ত্ৰিক আন্দোলনত বিশ্বাসী লোকসকলৰ বাবে এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব  নোৱাৰে । যিহেতু জোঁৰ সমদল হৈছে গণতান্ত্ৰিক আন্দোলনৰ এটা অংশ । অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনকে ধৰি অধিকাংশ মন্ত্ৰী-বিধায়কেই ৰাজপথত জোঁৰ সমদল , বিক্ষোভ প্ৰদৰ্শন কৰি আজি ৰাজশাসনত অধিষ্ঠিত হৈছে কিন্তু আজি তেওঁলোকে নিজৰ অতীত পাহৰি গ'ল কিদৰে তেওঁলোকে ৰাজপথত সংগ্ৰাম কৰিছিল । সেয়েহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , তপন গগৈকে ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ এই কলংকৃত সন্তান সকলক আমি ধিক্কাৰ দিছোঁ । আগন্তুক সময়ত , ৰাইজৰ মনৰ অভিশাপে তেওঁলোকক নিজৰ কৰ্মফল প্ৰদান কৰিব । প্ৰতিবাদী কাৰ্য্যসুচীৰ সময়চোৱাত প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ মুৰ্দাবাদ, বিজেপি চৰকাৰ গ'বেক আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে|

No comments