Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ 'ন, মছজিদৰ ১৫০ বছৰীয়া উদযাপনৰ " সংবিধান " কেন্দ্ৰ উদ্ধোধন

  ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২১ জানুৱাৰী: যোৰহাটৰ বাহাদুৰ  গাঁওবুঢ়াস্থিত ন - মছজিদৰ গ্ৰন্থাগাৰৰ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা ফুলব্ৰাইট...


 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২১ জানুৱাৰী: যোৰহাটৰ বাহাদুৰ  গাঁওবুঢ়াস্থিত ন - মছজিদৰ গ্ৰন্থাগাৰৰ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা ফুলব্ৰাইট নেহেৰু ফেল'চিপ প্ৰাপ্ত আমান ৱাদুদে এটা সংবিধান কেন্দ্ৰ'ৰ উদ্ধোধন কৰে । উদ্বোধনী ভাষণত তেওঁ কয় যে আমাৰ সকলোৱেই ভাৰতৰ সংবিধানখন পুংখানুপংখ ভাবে কিয় জানিব লাগে তাক বিষদ ভাৱে বাখ্যা কৰে । লগতে তেওঁ ব্যক্ত কৰি কয় যে মছজিদ চৌহদত স্থাপন কৰাৰ এইটো উদ্দেশ্য নহয় যে কেৱল মুছলমান সকলেহে ইয়াক জানিব লাগে । এই কেন্দ্ৰত আহি জাতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে সকলোৱেই জ্ঞান আহৰণ কৰিব পাৰিব বুলিও মছজিদ সমিতিয়ে অৱগত কৰে । এই কেন্দ্ৰৰ আন এক উদ্দেশ্য হল ভাৰতীয় নাগৰিক যাতে কোনো কাৰণতে বিদেশী ন্যায়াধীকৰণ  আদালতত হাৰাশাস্তি নহয় তাৰ বাবে আইনী সাহায্য প্ৰদান কৰা ,ইয়াৰ বাবে স্থানীয় অধিবক্তাৰ এখন আহ্বায়ক সমিতিও গঠন কৰি দিয়া হয় । আহ্বায়কৰ দায়িত্ব অধিবক্তা মুমিন খানক দিয়া হয় । সভাত জ্যেষ্ঠ পৰিসংখ্যা বিষয়া নুৰুল আমিন উপস্থিত থাকি   অসমৰ ছাত্ৰ -ছাত্ৰী সকলক কি দৰে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সফলতা কৰাব পাৰি সেই সন্দৰ্ভত বিস্তৃতভাবে আলোকপাত কৰে ।উক্ত সভাত অধিবক্তা ৱাদুদে ক্লেট অৰ্থাৎ কমন 'ল, এডমিচন টেষ্টৰ প্ৰতি উঠি অহা প্ৰজন্মক কি দৰে আকৃষ্ট কৰিব পাৰি সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । সভাত 'ন- মছজিদ ১৫০ বছৰীয়া উদযাপন সমিতিৰ অধ্যক্ষ আলহাজ  তৌফিকুল হুছেইন ,আলহাজ ৰেজাউল য়াচিন, মছজিদ সমিতিৰ সম্পাদক তাহমিদূৰ ৰহমান, অধিবক্তা মুনিন খান , অধিবক্তা হাচিন আখতাৰ ৰহমানে বক্তব্য আগবঢ়াই । উল্লেখ্য যে  সভাৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তি অধিবক্তা আমান ৱাদুদ সম্বৰ্ধনা জনোৱা সভাখনত  বিশিষ্ট শিক্ষাবিদ ড0 আদিল উল যাঁচিন ,অধিবক্তা মিৰ্জ্জা জুনেইদ আহমেদ ,মছজিদ সমিতিৰ প্ৰাক্তন সভাপতি ফাইজুল কেৰিমকে ধৰি কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত আছিল ।

No comments