Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আলিগাঁৱ এম ই মাদ্ৰাছাৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ

 গণ বাৰ্তা,মন্দিয়া,২৫জানুৱাৰীঃবা ঘবৰ সমষ্টি মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত আলিগাঁৱ এম,ই মাদ্ৰাছাৰ শিক্ষয়িত্ৰী জেছমিনা জয়নব আহমেদৰ বিৰুদ্ধে তীব...


 গণ বাৰ্তা,মন্দিয়া,২৫জানুৱাৰীঃবাঘবৰ সমষ্টি মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত আলিগাঁৱ এম,ই মাদ্ৰাছাৰ শিক্ষয়িত্ৰী জেছমিনা জয়নব আহমেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হয়।জানিব পৰা মতে   যোৱা ২৬ চেপ্তেম্বৰ নিশা ১ নং চাছৰাত সংগঠিত হোৱা স্বামী হত্যাকাণ্ড লগত অভিযুক্ত আলিগাঁৱ এম,ই মাদ্ৰাছাৰ শিক্ষয়িত্ৰী জেছমিনা জয়নব আহমেদ নামৰ শিক্ষয়িত্ৰীক অনুতিপলমে বদলি কৰি নতুন শিক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে আলিগাঁৱ এম ই মাদ্ৰাছাৰ ছাত্ৰ একতা সভাৰ লগতে ছাত্ৰ ছাত্ৰীয়ে।আজি শিক্ষয়িত্ৰী জেছমিনা জয়নব আহমেদে আলিগাঁৱ এম,মাদ্ৰাছাত উপস্থিত হোৱাৰ লগে লগে কণকণ ছাত্ৰ ছাত্ৰীয়ে ভয় খাই উক্ত মাদ্ৰাছাৰ শ্ৰেনী কোঠাৰ পৰা একগোট হৈ বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আহি হত্যাকাৰী শিক্ষয়িত্ৰী নালাগে,অনুতিপলমে হত্যাকাৰী শিক্ষয়িত্ৰীক বদলি কৰক,স্বামী হত্যাকাৰী শিক্ষয়িত্ৰীয়ে দিয়া পাঠদান নকৰো, আদি শ্লোগানেৰে উত্থাল প্ৰতিবাদ কৰে।শেষত মন্দিয়া শিক্ষাখণ্ডৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে শিক্ষক(চি,আৰ,চি,চি )শিৰাজুল হকে ঘটনাস্থলিত উপস্থিত হৈ উক্ত ছাত্ৰ ছাত্ৰীৰ দাবীক সন্মান জনাই অনুতিপলমে পূৰণ কৰাৰ প্ৰতিশ্ৰুতিৰ আশ্বাস দিয়ে আৰু ছাত্ৰ ছাত্ৰীক বুজাই পুনৰ আলিগাঁৱ এম ই মাদ্ৰাছালৈ পঠিয়াই দিয়ে।এতিয়া কথা হল উক্ত আলিগাঁৱ এম,ই মাদ্ৰাছাৰ স্বামী হত্যাকাৰী শিক্ষয়িত্ৰী জেছমিনা জয়নব আহমেদৰ বিৰুদ্ধে উৰ্ধতম কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয়।


No comments