গণ বাৰ্তা বিশেষ,গহপুৰ,৭ জানুৱাৰী: যোৱা ২৮ ফেব্ৰুৱাৰীত দলবদ্ধ ভাবে ধৰ্ষণ কৰি হত্যা কৰা গহপুৰৰ ১ নং চকলাৰ কিশোৰী গৰাকীৰ ন্যায়ৰ দাবীৰে গহপুৰত...
গণ বাৰ্তা বিশেষ,গহপুৰ,৭ জানুৱাৰী: যোৱা ২৮ ফেব্ৰুৱাৰীত দলবদ্ধ ভাবে ধৰ্ষণ কৰি হত্যা কৰা গহপুৰৰ ১ নং চকলাৰ কিশোৰী গৰাকীৰ ন্যায়ৰ দাবীৰে গহপুৰত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিলে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মূখত ৰূপায়ন কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কিশোৰী ধৰ্ষণকাৰী তথা হত্যাকাৰী ৯টা কৈ নৰপিশাচক ফ্ৰাষ্টট্ৰেক আদালতৰ যোগেদি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। লগতে উক্ত বিষয়টোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে গহপুৰৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিধায়ক গৰাকীয়ে । যি কোনো কথা কৈ সঘনাই বিতৰ্কৰ আৱৰ্তত সোমাই থকা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বৰ্তমান মন গ'লেই যি টি ক'ব নোৱাৰে বুলি ক'লে সংবাদ মাধ্যমৰ আগত। কুৰ্মীৰ মুখত লেকাম লগাই দিলে কংগ্ৰেছৰ উৰ্দ্ধতম কৰ্তৃপক্ষই। সেয়ে এতিয়া ভাবি চিন্তি কথা কথা ক'ব ৰূপজ্যােতি কুৰ্মীয়ে। তাৰোপৰি অহা কাইলৈ জিতেন্দ্ৰ সিং বিধায়ক আৰু সাংসদ লগত এখন সভা আছে তাৰ পিছতহে সভাপতি সলনি হবনে ৰিপুন বৰা থাকিব স্পষ্ট হব ৷
No comments