Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড যোৰেৰে খুন্দা নৈশ বাছৰ; নিহত ট্ৰাক চালক

গণবাৰ্তা বিশেষ লালপুল,১০ জানুৱাৰী: ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত বুলু চ'কত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।মৰ্মান্তিক দুৰ্ঘটনাটো...


গণবাৰ্তা বিশেষ লালপুল,১০ জানুৱাৰী: ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত বুলু চ'কত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।মৰ্মান্তিক দুৰ্ঘটনাটোত নিহত হৈছে ট্ৰাক চালকজন । জানিব পৰা মতে, ৰৌতা বাগানৰ নবৰ আলী নামৰ চালক জনৰ নিজ ঘৰৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বালিত AS-01LC-7122 নম্বৰৰ ট্ৰাকখন আবদ্ধ হৈ পৰে । আবদ্ধ ট্ৰাকখন স-পৰিয়ালে চালকজনে উঠোৱাৰ ব্যৱস্থা কৰি থাকোতে শনিবাৰে নিশা প্ৰায় ১ বজাত বিপৰীত দিশত পৰা অহা WB-73-1991 নম্বৰৰ নৈশ বাছে প্ৰচণ্ড যোৰেৰে খুন্দা মাৰে ।ফলত নবৰ আলী নামৰ ট্ৰাক চালকজন নৈশ বাছৰ চেপাত আবদ্ধ হৈ পৰে ।পিছত স্থানীয় ৰাইজে চালক জনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিওঁ চিকিৎসালয়তে চালকজনৰ মৃত্যু ঘটে । ইফালে চালকজনৰ কেইবাগৰাকী সদস্য উক্ত স্থানত আছিল যদিও সৌভাগ্য ক্ৰমে তেওঁলোক কোনোমতে ৰক্ষা পৰে ।

No comments