Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চিৰাঙৰ দেওশ্ৰীত দুই অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা

 সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ জানুৱাৰী : চিৰাং ‌জিলাৰ দেওশ্ৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত দেউশ্ৰী এম.ই. স্কুলত আজি এখন সম্বৰ্ধনা সভাৰ অনুষ্ঠি...


 সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ জানুৱাৰী : চিৰাং ‌জিলাৰ দেওশ্ৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত দেউশ্ৰী এম.ই. স্কুলত আজি এখন সম্বৰ্ধনা সভাৰ অনুষ্ঠিত কৰা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত সূদীৰ্ঘ কাল শিক্ষকতা কৰি অলপতে চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকদ্বয় ক্ৰমে সোমনাথ শৰ্মা আৰু তাৰাবীৰ প্ৰধানক কেন্দ্ৰটোৰ তৰফৰ পৰা আৰনাই, মানপত্ৰ, নগদ ধন তথা উপহাৰৰ টোপোলাৰে বিদায়  সম্বৰ্ধনা জনোৱা হয়।  সম্বৰ্ধনা গ্ৰহণ কৰি বিদায়ী শিক্ষকদ্বয়ে নিজৰ কৰ্ম জীৱনৰ অনুভব তথা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি বৰ্তমান সময়ত শিক্ষাৰ মহত্বৰ ওপৰত আলোকপাত কৰে। স্থানীয় শিক্ষক নগেন্দ্ৰ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সম্বৰ্ধনা সভাত উপস্থিত আছিল দেউশ্ৰী আৰু শান্তিপুৰৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক  পূৰণ বসুমতাৰী আৰু  সঞ্জীৱ বসুমতাৰীৰ উপৰিও শতাধিক শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল  উপস্থিত আছিল । 


No comments