Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাত অগপৰ জাতীয় ঐক্য সমাৰোহ; উন্নয়নৰ কথা কোৱাৰ পৰিবৰ্তে আনক সমালোচনাত ব্যস্ত মন্ত্ৰী অতুল বৰা

  পুলেন্দ্ৰ দাস, বৰপেটা,  ৫ জানুৱাৰী: বৰপেটা চহৰত আজি অসম গণ পৰিষদ দলে অনুষ্ঠিত কৰে জাতীয় ঐক্য সমাৰোহ ৷ এই সমাৰোহৰ জৰিয়তে অসম গণ পৰিষদ দলে চ...

 


পুলেন্দ্ৰ দাস, বৰপেটা, ৫ জানুৱাৰী: বৰপেটা চহৰত আজি অসম গণ পৰিষদ দলে অনুষ্ঠিত কৰে জাতীয় ঐক্য সমাৰোহ ৷ এই সমাৰোহৰ জৰিয়তে অসম গণ পৰিষদ দলে চলায় নিৰ্বাচনী প্ৰচাৰ ৷ বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত ৰাজ্যৰ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক চোকা সমালোচনা কৰে ৷ ৰেলৰ ব্ৰেকৰ আবিস্কাৰক গুৰুপ্ৰসাদ দাস বৰপেটাৰ সন্তান বুলি উল্লেখ কৰি এই বৰপেটাৰ পৰাই ৰাইজে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক ব্ৰেক মাৰিব বুলি মন্তব্য কৰে অতুল বৰাই ৷ বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত সমাৰোহত মন্ত্ৰী অতুল বৰাই উন্নয়নৰ কথা কোৱাৰ পৰিবৰ্তে আনক সমালোচনাত ব্যস্ত থকাহে পৰিলক্ষিত হয় ৷ সভাত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অগপৰ লক্ষ্যৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ বিশাল সভাখনত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক ভূপেন ৰয়, নুৰুল হুছেইন, অগপ নেত্ৰী কল্পনা পাটোৱাৰীৰ লগতে কেইবা গৰাকী নেতাই ভাষণ প্ৰদান কৰে ৷ সাংবাদিকৰ আগত মন্ত্ৰী অতুল বৰাই কয় যে, সদৌ অসম ছাত্ৰ সন্থাৰ যি অৰাজনৈতিক চৰিত্ৰ আছিল সেই চৰিত্ৰ ক্ৰমাৎ নাইকীয়া হৈছে ৷ ৰাজনৈতিক দল খোলাৰ পিছত আছুৰ অৰাজনৈতিক চৰিত্ৰ নাইকীয়া হোৱা বুলি কয় ৷ ইপিনে দেশৰ কৃষকে এমাহতকৈ অধিক কাল প্ৰতিবাদ কৰি থকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত বিব্ৰত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী গৰাকী ৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষক নেতাৰ মাজত চলি থকা আলোচনাৰ অন্তত কৃষকৰ প্ৰতিবাদৰ অন্ত পৰিব বুলি কৈ দায়িত্ব সামৰে মন্ত্ৰী গৰাকীয়ে ৷

No comments