আৰিফ আহমেদ, তামুলপুৰ, ২৪ জানুৱাৰী: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ লগতে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, দক্ষিণ ডেফেলী আঞ্চলিক ছ...
আৰিফ আহমেদ, তামুলপুৰ, ২৪ জানুৱাৰী: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ লগতে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থা আৰু কুমাৰীকাটা আঞ্চলিক ছাত্ৰই তামুলপুৰৰ বিভিন্ন প্ৰান্তত কা আৰু ই আই এ বাতিল, অসম চুক্তি ৰূপায়ণ, খিলঞ্জীয়াৰ ৰক্ষা কবচৰ, ভাৰত বাংলা সিমান্ত চীল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। কা আৰু ই আই এ ৰ দৰে কলা আইন অসমত জাপি দি খিলঞ্জীয়াৰ ভাষা, কৃষ্টি, সংস্কৃতি তথা পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিজেপি নেতৃত্বাধীন চৰকাৰ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ আগমনত কলা দিবস হিচাপে পালন কৰি কলা পতাকা উত্তোলন কৰাৰ লগতে কা আৰু ই আই এ ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী কা বাতিল কৰক, ই আই এ বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী গ'বেগ, অমিত শ্বাহ গ'বেগ, সৰ্বানন্দ সণোৱাল হুচীয়াৰ, অসম চৰকাৰ হায় হায়, অসম চুক্তি ৰূপায়ণ কৰক, কা আমি নামাননো, গৃহ মন্ত্ৰী অমিত শ্বাহ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, দিল্লী দিছপুৰ হায় হায় আদি শ্লোগানেৰে তামুলপুৰ উত্তাল কৰি তোলে। আজিৰ কাৰ্যসূচীত বাক্সা জিলা ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক সৰঞ্জন ৰাভা,ক্ৰীড়া সম্পাদক কুমুদ ডেকা, বাক্সা জিলা ছাত্ৰ সন্থাৰ সহ-সম্পাদক ডুলুজিত দাস,বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অজয় বড়ো, মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক অনুপ কলিতা,তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধ্বজেন ডেকা,সধাৰণ সম্পাদক প্ৰাঞ্জল দাসকে ধৰি শতাধিক ছাত্ৰ উপস্থিত থাকে ।
No comments