Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমত যুগযুগান্তৰেও নহয় কংগ্ৰেছৰ চৰকাৰ; সংখ্যালঘু মানুহ বিজেপিৰ লগত নাথাকিলেও লোকচান নাই, কিন্তু থাকিলে ভাল : বিধায়ক ৰণজিৎ কুমাৰ দাস

  গণ বাৰ্তা বিশেষ কলগাছিয়া ১৭ জানুৱাৰী : আগন্তুক বিধান সভাৰ নিৰ্বাচনত দহ গৰাকী সংখ্যালঘু মুলৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব ভাৰতীয় জনতা পাৰ্...


 গণ বাৰ্তা বিশেষ কলগাছিয়া ১৭ জানুৱাৰী : আগন্তুক বিধান সভাৰ নিৰ্বাচনত দহ গৰাকী সংখ্যালঘু মুলৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে ৷ এই কথা সদৰি কৰিছে সৰভোগ সমষ্টিত অনুষ্ঠিত হোৱা সংখ্যালঘু অভিবৰ্তনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ দাসে ভাষণ প্ৰসংগত কয় যে অসমত পুনৰ বিজেপিৰ চৰকাৰ হবই ।অসমত যুগযুগান্তৰেও কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে । তেওঁ আৰু কয় যে সংখ্যালঘু মানুহ বিজেপিৰ লগত নাথাকিলেও লোকচান নাই কিন্তু থাকিলে ভাল বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অৱশ্যে বিজেপি চৰকাৰৰ কাম কাজৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি সংখ্যালঘু বিবেকবান সমাজে বিজেপিৰ পিনে আকৰ্ষিত হৈছে। সৰভোগ সমষ্টিত সংখ্যালঘু বিবেকবান লোক সকলে সদায় যোগাযোগ ৰাখি আছে। ভাৰতীয় জনতা পাৰ্টিৰ ৫০ লাখ সদস্য আছে ৷ এই ৫০ লাখে এটাকৈ ভোট আনিলেও বিজেপিয়ে, এক কোটি ভোট পাব ৷ গতিকে ২১ ৰ  নিৰ্বাচনত অসমত পুণৰবাৰ বিজেপি চৰকাৰ যে হব ইয়াত কোনো সন্দেহ নাই  ৷ উল্লেখ্য যে সৰভোগ সমষ্টিত অনুষ্ঠিত এই সংখ্যালঘু অভিবৰ্ত্তনত চাৰি হাজাৰ, পাচ শ সংখ্যালঘু লোকে বিজেপি দলত যোগদান কৰে ৷ যোগদান কাৰী সকলৰ একাংশই কয় সৰভোগ সমষ্টিত কংগ্ৰেছে সংখ্যালঘু সকলক বাৰে বাৰে প্ৰতাৰণা কৰিছে। আমি ভোট নিদিয়াৰ পিছতো ৰণজিৎ কুমাৰ দাস দুবাৰ কৈ বিধায়ক হৈছে। আমি সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলে ভূল কৰিছিলো। সেই ভুল ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনত কৰিব নোখুজো। ৰণজিৎ কুমাৰ দাস যত আছে আমি তাত আছো। সংখ্যালঘু অভিবৰ্তনত  শতস্ফূৰ্ত ভাৱে মনৰ পৰাই স্বইচ্ছাৰে বিজেপি দলত যোগদান কৰিলো। ‌ আমাক যদি কোনোবাই সমালোচনা কৰে কৰক। এতিয়াৰ পৰা কংগ্ৰেছৰ কথাত ভোল নাযাও। নিজৰ নিৰাপত্তা নিজেই লব লাগিব। বিজেপিয়ে সংখ্যালঘু সকলক নিৰাপত্তা দিছে আৰু দি থাকিব। সৰভোগ সমষ্টিৰ ৰণজিৎ কুমাৰ দাস যত আমি তাত। নাটক কৰি বিজেপিত যোগদান কৰা নাই। অন্তৰৰ পৰাই বিজেপিৰ হৈ কাম কৰিম। ইফালে সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুকতাৰ হুছাইন খানেও কংগ্ৰেছ, এ আই ইউ ডি এফৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰি ভাষণ প্ৰদান কৰে। কংগ্ৰেছৰ দিনত হাজাৰ হাজাৰ মুছলমানৰ ঘৰ দুৱাৰ জলাই দিয়াৰ কথা সদৰি কৰি বিজেপিৰ দিনত সংখ্যালঘু সকলৰ ঘৰ জ্বলাৰ দুৰৰে কথা এজন মুছলমানৰ কোনো ক্ষতি হোৱা নাই বুলি মন্তব্য কৰি সৰভোগ সমষ্টিৰ সংখ্যালঘু লোক সকলে বিজেপিৰ লগত থাকিব বুলি আশা প্ৰকাশ কৰে। বিজেপি নেতা আব্দুল ছামাদ, আমজাদ হুছাইন আদি কৰি আন কেবাজন নেতাৰ তৎপৰতাত সৰভোগ সমষ্টিত সংখ্যালঘু সকলৰ বিজেপিত যোগদানৰ তৎপৰতাই বিধায়ক ৰণজিৎ কুমাৰ দাসৰ ভাগ্য পুনৰ ফুলিব বুলি আশা কৰা হৈছে। সভাত বিজেপিৰ কেন্দ্ৰীয় নেতা শ্বহিদুল ইছলাম আদি কৰি জিলা পৰ্য্যায়ৰ কেবাজন নেতা, নেত্ৰী উপস্থিত থাকি বক্তব্য ৰাখে।

No comments