Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টীয়কৰ বিধায়িকা পাঁচ বছৰীয়া কাৰ্যকালত উন্নয়নত ব্যৰ্থ; বাদুলীপুখুৰী ঢেকীয়ানি ভৰলুৱা পথৰ শোচনীয় অৱস্থাই আজিও জীয়াতু ভুগাইছে স্থানীয় ৰাইজক

  গণ বাৰ্তা কাকজান ,২১ জানুৱাৰী=বিধান সভা নিৰ্বাচন সমাগত ।চৰকাৰ আহে আৰু যায় ।কিন্তু পৰিবৰ্তনৰ নামত উন্নয়ন কৰ্মত ব্যৰ্থ হয় জনপ্ৰতিনিধি । পৰিব...


 গণ বাৰ্তা কাকজান ,২১ জানুৱাৰী=বিধান সভা নিৰ্বাচন সমাগত ।চৰকাৰ আহে আৰু যায় ।কিন্তু পৰিবৰ্তনৰ নামত উন্নয়ন কৰ্মত ব্যৰ্থ হয় জনপ্ৰতিনিধি । পৰিবৰ্তনকামী চৰকাৰৰ অমনোযোগিতাৰ বাবে বৃহত্তৰ  টীয়ক অঞ্চলৰ বাদুলী পুখুৰী সংযোগি ঢেকীয়ানি পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত  বিধস্ত হৈ এজাক বৰষুণতে যাতায়ত অনুপযোগী হৈ পৰিছে । উল্লেখযোগ্য যে অঞ্চলটোৰ প্ৰায় তিনিখনৰো অধিক গাঁৱৰ ৰাইজৰ যাতায়তৰ ভৰসাস্থল বাদুলী পুখুৰী ঢেকীয়ানি  এই গুৰুত্বপূৰ্ণ পথটোৰ উন্নতি নোহোৱাত সাধাৰণ ৰাইজৰ ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । এই ক্ষেত্ৰত অঞ্চলবাসী ৰাইজে পথটো মেৰামতি বাবে বিধায়িকা, সাংসদকে ধৰি জনপ্ৰতিনিধিক বহুবাৰ আবেদন জনোৱাৰ পাছতো আজি পৰ্যন্ত মেৰামতি নকৰিলে । বৰ্তমান পথৰ মাজে মাজে পুখুৰী সদৃশ দ দ গাত সৃষ্টি হোৱাত যাতায়তৰ বেলিকাও সাধাৰণ ৰাইজ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । বিশেষকৈ বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি  ৰোগী আৰু পথচাৰীৰ বহুতো সমস্যাৰ মুখামুখি হ'ব লগা হৈছে । গ্ৰাম্য অঞ্চলৰ গৰিষ্ঠ সংখ্যক লোক এই একমাত্ৰ পথৰ ওপৰত নিৰ্ভৰ কৰিয়েই সকলো ধৰণৰ বেপাৰ বাণিজ্য কৰিব লাগে যদিও অদ্যপি পকীপথ হিচাপে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । গুৰুত্বপূৰ্ণ যে এই পথটো আজিলৈকে উন্নতি নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে । সেয়ে অতি প্ৰয়োজনীয় এই পথটোৰ স্থানীয় ৰাইজে শীঘ্ৰে পকীকৰণৰ লগতে মেৰামতি দাবী জনাইছে । 

No comments