Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাজোত প্ৰাক্তন আছু নেতা- কৰ্মীৰ অসম জাতীয় পৰিষদত যোগদান

  গণ বাৰ্তা হাজো,২ জানুৱাৰী:  হাজো সমষ্টিৰ প্ৰায় শতাধিক প্ৰাক্তন আছু নেতা - কৰ্মীয়ে আজি  নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত  আনুষ্ঠ...

 


গণ বাৰ্তা হাজো,২ জানুৱাৰী:  হাজো সমষ্টিৰ প্ৰায় শতাধিক প্ৰাক্তন আছু নেতা - কৰ্মীয়ে আজি  নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত  আনুষ্ঠানিক ভাৱে যোগদান কৰে। এই উদ্দেশ্যে আজি বিয়লি তিনি বজাত হাজো বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত  অনুষ্ঠিত হয় এক সভা।হাজো সমষ্টি আহ্বায়ক সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা আহ্বায়ক সমিতিৰ সহযোগত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে জাতীয় পৰিষদৰ অন্যতম আহ্বায়ক বিজয় দাসে।অসম জাতীয় পৰিষদৰ  ৰাজ্যিক সদস্য  ৰাজু আহমেদ আৰু ড: দিবাকৰ শৰ্মা,কৰুণা শৰ্মা,মজিবুদ্দিন আহমেদ,কমলেশ ডেকা,জিলা পৰ্যায়ৰ নেতা ক্ৰমে দেৱজিৎ গোস্বামী, ধ্ৰুৱজ্যোতি  নাথ ,উপস্থিত থকা এই সভাতেই প্ৰাক্তন আছু নেতা তফজ্জুল হুছেইন, ,ধীৰাজ মেধি ,প্ৰাঞ্জল কলিতা ভাস্কৰ ডেকাকে ধৰি প্ৰায় শতাধিক নেতা কৰ্মী যোগদান কৰে। উল্লেখযোগ্য যে এই সভাতেই কংগ্ৰেছ, অসম গণ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গুৱাহাটী জিলা সমিতিৰ উপসভাপতি আজগৰ আলীও অসম জাতীয় পৰিষদত আনুষ্ঠানিক ভাবে যোগদান কৰে।


No comments