Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভেৰালদিত মেৰামতি নহল জৰাজীৰ্ণ কাঠৰ দলং

  বুলবুল হুছেইন,গৰেমাৰী,২৪ জানুৱাৰী:   বৰপেটা বিধান সভা সমষ্টি তথা বৰপেটা চহৰৰ নিচেই পুবত অবস্থিত   ভেৰালদি গাঁওৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ বাব...


 বুলবুল হুছেইন,গৰেমাৰী,২৪ জানুৱাৰী:  বৰপেটা বিধান সভা সমষ্টি তথা বৰপেটা চহৰৰ নিচেই পুবত অবস্থিত   ভেৰালদি গাঁওৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে পথ বন্ধৰ ফলক ওলোমাই ৰাখিছে  জনবহুল দুই কিলোমিটাৰ দূৰত্বৰ এখন ৰাস্তাত। ভেৰালদি পকী পথৰ পৰা তাপাৰবড়ীলৈ যোৱা একমাত্ৰ পথৰ ওপৰত থকা কাঠৰ জৰাজীৰ্ণ দলঙৰ খন নিৰ্মাণৰ তিনিটা বছৰৰ পিছতেই জহি খহি যোৱাত কেইবা বাৰো ৰাইজৰ ধনেৰে মেৰামতি কৰা হৈছিল যদিও বৰ্তমান দলঙ খন জৰাজীৰ্ণ হৈ পৰিছে। দলঙ খন পানীখেতি নামৰ জান এটাৰ ওপৰত থকাত আৰু কোনো উপ পথ নথকাত ভেৰালদি গাঁওৰ লগতে আন কুৰি খন গাঁওৰ মানুহৰ যাতায়ত বন্ধ হৈ পৰিছে।

 
উল্লেখযোগ্য যে যি সময়ত প্ৰধান মন্ত্ৰী চৰক যোজনাৰ জৰিয়তে এক হাজাৰ জনসৎখা থকা গাওঁ অঞ্চলত পকী পথ নিৰ্মাণ কৰিব লাগে সেই সম‌য়ত তিনি হাজাৰ জনসৎখা থকা স্বত্বেও তাপাৰবড়ী গাঁওলৈ যাব পৰা একমাত্ৰ পথটি কেচা অবস্থাতে আছে। এই গাওঁৰ তিনিও ফালে নদী থকাত এইখন ৰাস্তাৰে অহা যোৱা কৰা হয় যদিও সাধাৰন  বৰষুণ পাৰিলেই পথছোৱা বোকাময় হৈ পৰে। ৰাস্তা খন জনা মতে গড়কাপ্তানি পথ বিভাগৰ পৰাই বন্ধ কৰা হৈছে । ইপিনে ৰাইজে বন্ধ ফলকৰ মাজত নতুন আশা পুহি ৰাখিছে । আগন্তুক নিৰ্বাচনত তাপাৰবড়ী আৰু ভেৰালদিৰ দুটা ভোট কেন্দ্ৰত এইখন ৰাস্তাৰে অহা যোৱা কৰিব লাগিব সেয়েহে নিশ্চয় গড়কাপ্তানি পথ বিভাগে দলঙৰ লগতে ৰাস্তা খনো মেৰামতি কৰাৰ বাবে গড়কাপ্তানি পথ বিভাগক পথ আৰু দলঙ মেৰামতিৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ।

No comments