Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেৰগাঁও বিধান সভা সমষ্টি বিজেপি দলৰ প্ৰাৰ্থীক প্ৰদান কৰা সম্ভাৱনা

গণবাৰ্তা বিশেষ, যোৰহাট  ৮ জানুৱাৰী: যোৰহাটৰ দেৰগাঁও বিধান সভা সমষ্টি হেৰুৱাব লগীয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে অগপ দলৰ বাবে| আজি দেৰগাঁও ব...


গণবাৰ্তা বিশেষ, যোৰহাট  ৮ জানুৱাৰী: যোৰহাটৰ দেৰগাঁও বিধান সভা সমষ্টি হেৰুৱাব লগীয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে অগপ দলৰ বাবে| আজি দেৰগাঁও বিধান সভা সমষ্টিৰ বিজেপি দলৰ এক সাংগঠনিক সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস উপস্থিত থাকি সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰঞ্জিত দাসে কয় যে দেৰগাঁও সমষ্টিৰ কৰ্মকৰ্তা সকলৰ লগত তেও বহু দিন জড়িত হৈ আছে আৰু কৰ্মকৰ্তা সকলৰ আৱেগ অনুভূতিক সদায় আগস্থান দি আহিছে| কৰ্মকৰ্তা সকলৰ উচ্চাহক সন্মান জনোৱাতো অতি প্ৰয়োজন| সমষ্টিটোৰ কৰ্মকৰ্তা সকলে অতি নিষ্ঠাৰে বিগত নিৰ্বাচন সমূহত মিত্ৰজোটক সহায় কৰিছে গতিকে আগন্তুক নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত কাৰ্য্যকৰ্তা সকলৰ মনৰ খবৰ বিজেপি ৰাষ্ট্ৰীয় সমিতক জনাব বুলি মন্তব্য কৰি ৰাজ্যিক সভাপতি জনে কয় যে প্ৰাৰ্থীত্বৰ সিদ্ধান্ত  যিহেতু ৰাষ্ট্ৰীয় সমিতিয়ে ল'ব গতিকে তেওঁ ব্যক্তিগত ভাৱেও দেৰগাঁও সমষ্টি বিজেপিৰ প্ৰাৰ্থী দিবৰ বাবে অনুৰোধ কৰিব বুলি কয়| ৰাজ্যৰ আন সমষ্টি সমূহৰ বিষয়ে ব্যক্তিগত ভাৱে কোনো মন্তব্য নকৰিলেও দেৰগাঁও সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰদানৰ বাবে নিজেও ইচ্চা কৰে বুলি কৰা মন্তব্যই স্পষ্ট কৰিছে আগন্তুক নিৰ্বাচনত দেৰগাঁও সমষ্টি নিশ্চিত ভাৱে গেৰুৱা দললৈ যাব| ৰাজ্যিক সভাপতি জনে সাংবাদিকৰ আগত জনোৱা মতে দেৰগাঁও সমষ্টিত বিজেপি অতি শক্তিশালী স্থিতিত আছে আৰু সমষ্টিটোত বিজেপি দল নিশ্চিত ভাৱে জয়ী হ'ব| এই বিষয়ে অগপৰ কেন্দ্ৰীয় সমিতিৰ লগতো আলোচনা হ'ব বুলি মন্তব্য কৰি কয় অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ লগত ৰাজ্যৰ আন সমষ্টিত প্ৰাৰ্থীৰ ক্ষেত্ৰত সালসলনি কৰা বিষয়ে প্ৰয়োজন সাপেক্ষে আলোচনা কৰা হ'ব| যিহেতু বিজেপি+ ১০০+ ৰ লক্ষ্য স্থিৰ কৰা হৈছে গতিকে মিত্ৰজোট একত্ৰিত হৈ উচিত সিদ্ধান্ত গ্ৰহন কৰিব| দেৰগাঁও সমষ্টি বিজেপি দলক প্ৰদানৰ বাবে ৰাজ্যিক বিষয় ববীয়া সকলেও মনে প্ৰাণে বিছাৰে বুলিও কয় ৰাজ্যিক সভাপতি জনে| সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত ৰঞ্জিত দাসে কয় যে যোৰহাটৰ কংগ্ৰেছৰ দখলত থকা সমষ্টি কেইটাও এইবাৰ বিজেপিৰ দখললৈ যাব| কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক উজনি অসমত ঘৃণাৰ চকুৰে চাইছে বুলি মন্তব্য কৰে| আনহাতে বৰ্তমান দললৈ বেলেগ দলৰ বিধায়কৰ আগমন বন্ধ কৰা বুলি মন্তব্য কৰি তেওঁ কয় দলক এতিয়া কাৰ্য্যকৰ্তা লাগে| আন দলৰ বিধায়ক আহিলে বিজেপি দলৰ কাৰ্য্যকৰ্তাৰ মন ভাঙি পৰাৰ সম্ভাৱনা থাকে| ইফালে দেৰগাঁও সমষ্টিৰ সাংগঠনিক সভাত দলীয় কৰ্মকৰ্তাক সম্বোধন কৰি দিয়া ভাষনত প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাই আগন্তুক নিৰ্বাচনত প্ৰাৰ্থীত্ব পোৱাটো নিশ্চিত বুলি মন্তব্য কৰে| কেইবাসহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত অনুস্থিত সাংগঠনিক সভাত সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা বিজেপিৰ সভাপতি সম্পাদকৰ লগতে বহু কেইজন দলীয় বিষয়ববীয়া উপস্থিত থাকে|

No comments