Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইৰ পূৱ ধনীৰাম পথাৰত ভয়ংকৰ অগ্নিকাণ্ড

 কফিল,হোজাই ২৪ জানুৱাৰী: হোজাইৰ পূৱ ধনীৰাম পথাৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত পাঁচটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হো...


 কফিল,হোজাই ২৪ জানুৱাৰী: হোজাইৰ পূৱ ধনীৰাম পথাৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত পাঁচটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বুলি জনা গৈছে ৷ ৰাখাল মজুমদাৰ নামৰ লোকজনৰ ঘৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ অগ্নিকাণ্ডৰ ফলত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয় ৷ ৰান্ধনী ঘৰৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শী লোকে ৷ অগ্নিকাণ্ডৰ ফলত নগধ ধন, নথি পত্ৰ জুইত ভূস্মিভূত হোৱাৰ লগতে প্ৰায় ৫ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নোমাবলৈ সক্ষম হয় ৷ যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী অহাৰ পূৰ্বে ঘৰৰ পাঁচটাকৈ কোঠালী ব্যাপক ক্ষতি সাধন হয় ৷


No comments