ভূপেন বৰা, জিনজিয়াৰ, ১০ জানুৱাৰী: একালৰ জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চুচেন বৰা আৰু আমাৰ মাজত নাই। ১৯৭৫ চনেত জন্ম গ্ৰহণ কৰ...
ভূপেন বৰা, জিনজিয়াৰ, ১০ জানুৱাৰী: একালৰ জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চুচেন বৰা আৰু আমাৰ মাজত নাই। ১৯৭৫ চনেত জন্ম গ্ৰহণ কৰা ব্যক্তি প্ৰাক্তন আছু নেতা গৰাকীয়ে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোত ভাৱে জড়িত হৈ আছিল। তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ কাৰণে জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাই শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰে। লগতে জিনজিয়া অঞ্চলত তেখেতৰ যি অৱদান আছিল তাক স্মৰন কৰি ৩ ঘণ্টীয়া ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ বাবে জিনজিয়া বণিক সন্থা আৰু ৰতোৱা বণিক সন্থাই সন্ধিয়া নিজ নিজ ব্যৱসায়ীক প্ৰতিষ্ঠানত এগচিকৈ বন্তি প্ৰজ্বলন কৰি তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায়। উল্লেখ্য যে প্ৰয়াত নেতা গৰাকীয়ে দুজনীকৈ কন্যা সন্তান আৰু নিজ পত্নীক নিথৰুৱা কৰি ইহলীলা সম্বৰণ কৰে ৷ শেহতীয়াকৈ তেখেতে অৰ্থৰ অভাৱত মানসিক ভাগি পৰি অত্যধিক মদ্যপান কৰাৰ বাবেই তেখেতৰ শৰীৰে তেখেতৰ সংগ ত্যাগ কৰে ৷ যথেষ্ট অমায়িক স্বভাৱৰ প্ৰাক্তন আছু নেতা জনৰ দেহাবসানৰ বাবে বৃহত্তৰ জিনজিয়া অঞ্চলত বৰ্তমান শোকাকুল অৱস্থাৰ সৃষ্টি হৈছে ৷ আছুৰ মজিয়াৰ পৰা আহি শাষণৰ গাদী দখল কৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক একালৰ সতীৰ্থ চুচেন বৰাৰ পৰিয়ালটিক সংষ্ঠাপন দিবৰ বাবে প্ৰত্যেকজন জিনজিয়াবাসীয়ে কৰযোৰে অনুৰোধ জনাইছে ৷
No comments