Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব ৰোহিতক দিয়াৰ দাবী

ছিডনী, ২ জানুৱাৰী: অষ্ট্ৰেলিয়া ভ্ৰমণত থকা ভাৰতীয় দলটোৰ সৈতে জড়িত হৈ পৰিছে ৰোহিত শৰ্মা। তেওঁ ভাৰতীয় দলটোত জড়িত হৈ পৰাৰ পিছত দলটোৰ নেতৃত্ব তেও...


ছিডনী, ২ জানুৱাৰী: অষ্ট্ৰেলিয়া ভ্ৰমণত থকা ভাৰতীয় দলটোৰ সৈতে জড়িত হৈ পৰিছে ৰোহিত শৰ্মা। তেওঁ ভাৰতীয় দলটোত জড়িত হৈ পৰাৰ পিছত দলটোৰ নেতৃত্ব তেওঁক দিয়াৰ এক চর্চা চলি আছে। কিন্তু বিচিচিআয়ে এই সম্পৰ্কে এতিয়ালৈ কোনো ধৰণৰ মত প্ৰকাশ কৰা নাই। কিন্তু দলৰ নির্বাচক কমিটিয়ে ছিডনী টেষ্টৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চলি থকা চাৰিখনখন মেচৰ টেষ্ট ছিৰিজৰ তৃতীয়খন ৭ জানুৱাৰীত ছিডনীত অনুষ্ঠিত হ'ব। এই টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলটোৰ উপঅধিনায়কৰ দায়িত্ব ৰোহিত শৰ্মাক দিয়া হৈছে। তেওঁ ব্ৰিছবেনত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ টেষ্টলৈ ভাৰতীয় দলৰ উপঅধিনায়ক হৈ থাকিব। তেওঁ আঘাতৰ বাবে প্ৰথম দুখন টেষ্টত অংশ লোৱা নাছিল। উল্লেখ্য যে ৰোহিত শৰ্মাই এতিয়ালৈ ৩২খন টেষ্ট মেচত ২,১৪১ৰান সংগ্ৰহ কৰিছে। ইয়াৰ বাবে ছয়টা শতক, এটা দ্বিশতক আৰু ১০টা অৰ্ধশতকৰ সহায় লয়।

No comments