গণ বাৰ্তা, বোকাজান, ২ জানুৱাৰীঃ- আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিগত বৰ্ষত কঠোৰ অভিযান অব্যাহত ৰখাৰ...
গণ বাৰ্তা, বোকাজান, ২ জানুৱাৰীঃ- আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিগত বৰ্ষত কঠোৰ অভিযান অব্যাহত ৰখাৰ পিছতো অপৰাধীচক্ৰৰ তৎপৰতা বৰ্তমানেও অব্যাহত আছে। আজি সন্ধিয়া অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটী আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি, জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে লাভ কৰা এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ চক্ৰৰ চক্ৰ বিষয়া ভূপেন কলিতা আৰু খটখটী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খটখটীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী অভিযান চলাই। উক্ত অভিযানত এখন অট'ৰিক্স'ত অহা এজন যাত্ৰীৰ পৰা আৰক্ষীয়ে ১০ টা প্লাষ্টিকৰ চাবোনৰ পেকেটত মুঠ ১৩৫ গ্ৰাম হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীটো বিশ্বনাথ চাৰিআলিৰ চতিয়া থানাৰ অন্তৰ্গত মহৰ আলি (২৩) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে জব্দকৃত হেৰ'ইনখিনি মণিপুৰৰ পৰা অনাৰ কথা ধৃত যুৱকজনে স্বীকাৰ কৰে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
No comments