Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেশ জোকাৰি যোৱা অসম অৰুণাচল সীমান্তৰ বিহালীৰ চাউলধোৱা কাণ্ডৰ ৭ বছৰ; সীমান্তৰ বিহমাৰীত শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

  গণ  বাৰ্তা বিশেষ সেৱা বিহালী,২৯ জানুৱাৰী: বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ বিহালী বনাঞ্চলত অৰুনাচলী দুস্কৃতিকাৰীয়ে অসমৰ ১৫ গৰাকী সীমান...

 


গণ  বাৰ্তা বিশেষ সেৱা বিহালী,২৯ জানুৱাৰী: বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ বিহালী বনাঞ্চলত অৰুনাচলী দুস্কৃতিকাৰীয়ে অসমৰ ১৫ গৰাকী সীমান্তৰক্ষীক ২০১৪ চনৰ আজিৰ দিনটোতে গুলীয়াই হত্যা কৰিছিল। চিপিআই ( এম-এল) আৰু কৃষক মহাসভা অসমে আজি অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বিহমাৰী ৰংগমঞ্চত এই উপলক্ষে শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। চিপিআই (এম-এল) নেতা বিবেক দাসে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ পিছত মুকলি সভা স্বপন শৰ্মা, বাবুল বৰা আৰু মহেন্দ্ৰ লোহাৰৰ সভাপতি মণ্ডলীৰ পৰিচালনাত অনুষ্ঠিত হয়। চিপিআই(এম-এল)ৰ জিলা সমিতিৰ সদস্য নাৰায়ণ পৌড়েলে আঁত ধৰা সভা খনত বিবেক দাসে বক্তব্য প্ৰদান কৰি কয় যে,"অৰুনাচলী দুস্কৃতিকাৰীয়ে গনহত্যা কৰাৰ পিছত ন দিন ধৰি বিহালীবাসী ৰাইজে ৰাজপথত অৰুনাচলৰ অৰ্থনৈতিক প্ৰতিৰোধ সংগ্ৰাম কৰাৰ পিছত চৰকাৰে বিহালী বনাঞ্চলত ৬ টা বিঅ'পি শিবিৰ গৃহীত কৰে। পূৰ্বৰ চৰকাৰে তিনিটা শিৱিৰ স্থাপন কৰাত কিছু পৰিমাণে অসমৰ ভূমি অৰুণাচলৰ আগ্ৰাসনৰ পৰা ৰোধ কৰিবলৈ সমৰ্থ হয়। কিন্তু জাতি মাটি ভেটি ৰক্ষাৰ শপত লোৱা বিজেপি চৰকাৰৰ শাসনকালত বাকী তিনিটা বিওপি কেম্প স্থাপন নকৰাত সেই অঞ্চলত বৰ্তমানো অৰুনাচলীয়ে আগ্ৰাসন চলাই আছে বুলি সভাত ক্ষোভ প্ৰকাশ কৰে। তাৰোপৰি বিহালীত এজন  কেবিনেট মন্ত্ৰী থকাৰ পিছতো অসমৰ ১৫ জন সীমান্ত ৰক্ষীয়ে প্ৰাণ আহুতি দিয়া  সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে বৰঞ্চ অৰুনাচলৰ চিজোচাত এখন সভাত অংশগ্ৰহন কৰি মন্ত্ৰী গৰাকীয়ে অৰুনাচলীয়ে অসমৰ মানুহ হত্যা কৰা নাই এই হত্যাকাণ্ডত তৃতীয় পক্ষৰ হাত আছে বুলি মন্তব্য কৰে। অথচ তৰুণ গগৈ চৰকাৰে দিয়া চিবিআই তদন্তৰ চাৰ্জশ্বীটত অৰুণাচলৰ ১১ জনকৈ লোকৰ নাম সন্নিবিষ্ট হৈছিল।" অসম অৰুনাচল সীমান্তৰ অসমৰ ভূমিত ২০১৩ চনত সীমান্ত প্ৰহৰী হিচাপে বাহৰ পাতি থকা  অক্লান্ত ত্যাগ কৰা বিহমাৰীৰ লিচু কিচকোক চিপিআই এম-এল নেতা বিবেক দাসে সম্বৰ্ধনা জনায়। বাৰ্ধক্যজনিত কাৰণ আৰু শাৰীৰিক অসুস্থতাৰ বাবে সভাত অংশগ্ৰহন কৰিব নোৱাৰা তিনি গৰাকী লোকক পৰবৰ্তী সময়ত ঘৰে ঘৰে সম্বৰ্ধনা জনোৱাৰ বিষ‌য়ে উদ্দ্যোক্তা সকলে অৱগত কৰে। সভাত অসম অৰুণাচল সীমান্ত সুৰক্ষাৰ বাবে চৰকাৰৰ প্ৰস্তাবিত বাকী থকা তিনিটা শিৱিৰ স্থাপন কৰি অসমৰ ভূমি সুৰক্ষিত কৰা, চিবিআই তদন্তৰ চাৰ্জশ্বীটত উল্লেখিত অৰুণাচলৰ ১১ জন দুস্কৃতিকাৰীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰা দাবী জনায় কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। চিপিআই(এম-এল)ৰ জিলা সমিতিৰ সম্পাদক অনন্ত হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত কৃষক নেতা মীন আচাৰ্য, প্ৰাঞ্জল কুটুম, নিখিল ভাৰত ছাত্ৰ সন্থাৰ জ্যোতিপ্ৰকাশ বৰা আৰু অতিথি হিচাপে প্ৰনিতা ৰায় ভূঞাই বক্তব্য প্ৰদান কৰে।

No comments