Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত লিংগ ভিত্তিক নিৰ্যাতন আৰু মহিলাৰ সুৰক্ষাত যুৱ প্ৰজন্মৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ

গণ বাৰ্তা ,চেঙা , ৯ জানুৱাৰী: বৰপেটা জিলাৰ  চেঙাস্থিত  মধ্য কামৰূপ মহাবিদ্যালয়ৰ সভাকক্ষত মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত  আজি "লিংগ ভ...


গণ বাৰ্তা ,চেঙা , ৯ জানুৱাৰী: বৰপেটা জিলাৰ  চেঙাস্থিত  মধ্য কামৰূপ মহাবিদ্যালয়ৰ সভাকক্ষত মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত  আজি "লিংগ ভিত্তিক নিৰ্যাতন আৰু মহিলাৰ সুৰক্ষাত যুৱ প্ৰজন্মৰ ভূমিকা" শীৰ্ষক এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়।মহাবিদ্যালয়খনৰ অধ্যাপিকা  ড° কনকলতা কাকতি আৰু ৰুণুমী দাসে সৰস্বতী বন্দনাৰে আৰম্ভ কৰা আলোচনা চক্ৰখন সঞ্চালনা কৰে মহাবিদ্যালয়খনৰ মহিলা কোষৰ সভানেত্ৰী অধ্যাপিকা  জুনু কলিতা বায়নে। মহিলা কোষৰ সম্পাদিকা  ড° মৃদুস্মিতা গোস্বামীয়ে আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছত সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে স্মৃতি ৰেখা কাথাৰে।সমল ব্যক্তিৰ চিনাকী পৰ্ব কাৰ্যসূচী ৰূপায়ণ কৰে অধ্যাপিকা  চাজিদা খাতুনে। আলোচনা চক্ৰ অনুষ্ঠানত সাদৰ সম্ভাষণ জনাই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° গোপেশ কুমাৰ শৰ্মাই লিংগ নিৰ্ণয় সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে প্ৰথমতে আমি ভবাৰ দৰে লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়া কেবল জৈৱিক ভিত্তিতে নহয়; সামাজিক ভিত্তিত লিংগ নিৰ্ণয় কৰা হয় । আৰু এই যে নিৰ্যাতন, অতি স্পৰ্শকাতৰ বিষয়টো বিভিন্ন স্তৰত যেনে বয়স, অঞ্চল, পৰিয়াল, কৰ্মক্ষেত্ৰ আদিত সংঘটিত হৈ আহিছে। এইক্ষেত্ৰত আত্মনিয়ন্ত্ৰণ এক ইতিবাচক পদক্ষেপ হ'ব বুলিও তেওঁ উল্লেখ কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড° হৰেন্দ্ৰনাথ তালুকদাৰে আলোচনা চক্ৰত অংশগ্ৰহণ কৰি মহিলা সুৰক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ নিজস্ব দৃষ্টিভঙ্গীৰ বিষয়টো উত্থাপন কৰি আলোচনা চক্ৰ অনুষ্ঠানটো অধিক মনোগ্ৰাহী কৰি তোলে । ইফালে আলোচনা চক্ৰ অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি  অসম ৰাজ্যিক মহিলা সম্পদ কেন্দ্ৰৰ প্ৰকল্প সমন্বয়ক ৰুবী ভাগৱতী শৰ্মাই আলোচনাৰ মূল বিষয়ৰ বিস্তৃত ব্যাখ্যা আগবঢ়াই লিংগ  বিষয়ক ইংৰাজী শব্দ 'ছেক্স' আৰু 'জেণ্ডাৰ'ৰ পাৰ্থক্য আৰু বৈষম্য সন্দৰ্ভত আলোচনা কৰে। বিষয়ৰ লগত সংপৃক্ত বিভিন্ন আইন সন্দৰ্ভত বহুতৰে অজ্ঞতাৰ সমান্তৰালকৈ আমাৰ পুৰুষ-প্ৰধান সমাজ ব্যৱস্থাৰ বাবেও মহিলাসকল নিৰ্যাতিত হৈ আহিছে বুলি উল্লেখ কৰে। এইক্ষেত্ৰত যুৱ প্ৰজন্মক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়। অধ্যাপিকা  ড° জোনালী পাটোৱাৰী বৰাই  শলাগৰ শৰাইৰে সদৌটিকে ধন্যবাদ জ্ঞাপন কৰাৰ আগতে সঞ্চালকৰ বক্তব্যত অধ্যাপিকা  জুনু কলিতা বায়নে মাতৃশক্তিক সৰ্বশ্ৰেষ্ঠ শক্তি বুলি উল্লেখ কৰি মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। লক্ষ্যণীয়ভাৱে আজিৰ এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ কেইবাজনো অধ্যাপকে অংশগ্ৰহণ কৰি বিষয়ৰ লগত সংগতি ৰাখি পুৰুষ আৰু মহিলাৰ বিভিন্ন দিশৰ চিন্তন- মনন কৰ্ষণেৰে মত -বিনিময় কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব লোৱা ড৹ গোপেশ কুমাৰ শৰ্মাই তেওঁৰ আঠমহীয়া কাৰ্যাকালত মহাবিদ্যালয়ৰ শৈক্ষিক আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে  এখন আন্তঃৰাষ্ট্ৰীয় ৱেভিনাৰ, চাৰিখন ৰাষ্ট্ৰীয় ৱেভিনাৰ ,চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ,  দুখনকৈ ফলক আলোচনী প্ৰকাশ, দুখনকৈ আলোচনা চক্ৰ  আৰু ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত প্ৰায় ২ কৌটি টকা ব্যয় সাপেক্ষে শৈক্ষিক ভৱনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা বুলি  অধ্যক্ষ ড৹ গোপেশ কুমাৰ শৰ্মাই উল্লেখ কৰে।


No comments