Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমৰ আদিবাসী সকলক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ আদিবাসী ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ

 গণ বাৰ্তা, শালবাৰী, ২২ জানুৱাৰীঃ বছৰ বছৰ ধৰি অসমত বাস কৰি অসমৰ বায়ু পানী সেৱন কৰি অসমৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱা অসমৰ আদিবাসী সকলক শীঘ্...


 গণ বাৰ্তা, শালবাৰী, ২২ জানুৱাৰীঃ বছৰ বছৰ ধৰি অসমত বাস কৰি অসমৰ বায়ু পানী সেৱন কৰি অসমৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱা অসমৰ আদিবাসী সকলক শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে৷ এই দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ৷ আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ,সম্পাদক যোচেফ মিঞ্জ,প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকা,বাক্সা জিলা সভাপতি চামছুন লুগুন আৰু সম্পাদক দিনেশ লাক্ৰা স্বাক্ষৰিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা এক স্মাৰকপত্ৰত কোৱা হয়-অসমত বসবাস কৰি থকা আদিবাসী সকল ওৰাৱ,মুণ্ডা,খাৰিয়া,গনদ,পৰজা আৰু অন্যান্য আদিবাসী সকলে সমগ্ৰ অসমত প্ৰায় আশী লক্ষাধিক লোক অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক সকলো দিশত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে৷অসমৰ চাহ বাগিচাত কঠোৰ পৰিশ্ৰম কৰি অসমৰ অৰ্থনৈতিক দিশক শক্তিশালী কৰি বিশ্বৰ দৰবাৰত অসমৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ভাৰত স্বাধীন হোৱা ৭৩ বছৰ হোৱা স্বত্বেও অসমত বসবাস কৰা আদিবাসী সকলপী প্ৰাপ্য অধিকাৰৰ পৰা  বঞ্চিত হৈছে৷অসমত বসবাস কৰা আদিবাসী সকলৰ মুঠ জনসংখ্যাৰ প্ৰায় চল্লিশ লাখ লোক চাহ শ্ৰমিক হিচাপে কৰ্মৰত আৰু দেশৰ মুঠ উৎপাদনৰ ৫০ শতাংশ চাহ অসমত উৎপাদন কৰি আহিছে৷কিন্তু পৰিতাপৰ বিষয় বাগিচা সমুহত বাগিচাৰ শ্ৰমিক আইন,শিশুৰ শিক্ষাৰ অধিকাৰ আইন,নিম্নতম মজুৰি আইন সঠিৰ ৰূপায়ণ নোহোৱাৰ ফলত চাহ শ্ৰমিক আদিবাসী সকল উচিত মজুৰি,শিক্ষা,পুষ্টিকৰ আহাৰ,বিশুদ্ধ খোৱাপানী আদি পোৱাৰ পৰা বঞ্চিত হৈ আহিছে৷যুগ যুগ ধৰি বাগিচাৰ লগতে বস্তি অঞ্চলত বসবাস কৰা আদিবাসী সকলে ভূমি পট্টা নোপোৱাটো দুৰ্ভাগ্যজনক৷অসমত বসবাস কৰা আদিবাসী সকলৰ দীৰ্ঘদিনীয়া আৰু প্ৰবল দাবী জনজাতিকৰণ প্ৰদান নকৰাৰ ফলত আদিবাসী সকলৰ ভাষা সংস্কৃতি,পৰিচয়,সামাজিক ৰীতিনীতি বিলুপ্ত হ’বলৈ ধৰিছে,চৰকাৰে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ বিবৃতিটোত কোৱা হয়-২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ এখন জনসভাত আদিবাসী সকলক অসমত বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনাইছিল আৰু অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ তিনিমাহৰ ভিতৰত অসমত বসবাস কৰা আদিবাসী সকলক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ’ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰিছিল৷একেদৰে শিলচৰৰ এখন জনসভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অসমত বসবাস কৰা আদিবাসী সকলৰ জনজাতিকৰণ কৰা হৈছে বুলি কৰা ঘোষণাক লৈ আছাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যদি আদিবাসী সকলৰ জনজাতিকৰণ কৰা হৈছে তেন্তে চৰকাৰীভাবে অধিসূচনা জাৰি কৰি অসমৰ আদিবাসী সকলক জনজাতিকৰণ কৰক৷অসমত বিজেপি চৰকাৰৰ পাঁচটা বছৰ অতিক্ৰম হোৱা সময় সমাগত তথাপি আদিবাসী সকলৰ এটাও সমস্যা সমাধান কৰা নহ’ল৷ গোৱৰ্ধনা খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰকপত্ৰখনৰ জৰিয়তে আছাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ অসমৰ আদিবাসী সকলক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰা,চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা,ভূমি পট্টা প্ৰদান কৰা,প্ৰধানমন্ত্ৰী আবাস যোজনা প্ৰদান কৰা,বিদ্যুতৰ ব্যৱস্থা কৰা,উপস্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰা,উচ্চ শিক্ষা প্ৰদান কৰা,বাগিচা অঞ্চলত চৰকাৰী আঁচনি ৰূপায়ণ কৰা আদি কেবাটাও দাবী উত্থাপন কৰে৷


No comments